/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-21/l636bk0i/monkeu.jpg)
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰথমজন মাংকীপক্সত আক্ৰান্ত ৰোগী ধৰা পৰিছিল। এজন ৩১বছৰীয়া যুৱকৰ দেহত ধৰা পৰিছিল এই ৰোগ। লগে লগে আতংকিত হৈ পৰিছিল দেশবাসী। বিশ্ব স্বাস্থ্য সংস্থাই মাংকীপক্স ৰোগক বিশ্ব স্বাস্থ্য জৰুৰী অৱস্থা হিচাপে ঘোষণা কৰিছিল। কিন্তু মাংকীপক্স সঁচাকৈ ইমান ভয়াৱহ হয় জানো? আপুনি জানেনে কিছু সাৱধানতাই আপোনাক এই ৰোগৰ পৰা আঁতৰাই ৰাখিব পাৰে। এই সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...
"মাংকীপক্স"- কৰোণা ভাইৰাছৰ বিভীষিকাৰ পাছতে এই ভাইৰাছবিধৰ অৱস্থিতিয়ে চিন্তিত কৰি তুলিছে জনসাধাৰণক। কিন্তু এক অধ্যয়নৰ পৰা পোৱা তথ্য অনুসৰি এই ৰোগবিধ মাৰাত্মক নহয়। লগতে বিশেষজ্ঞই ইয়াৰ সংক্ৰমণৰ সম্ভাৱনা কম বুলি উল্লেখ কৰিছে।
মাংকীপক্স এক ভাইৰেল জুনোচিছ (জন্তুৰ পৰা মানুহলৈ সংক্ৰমিত ভাইৰাছ) যাৰ লক্ষণবোৰ অতীতত সৰুআই ৰোগৰ দৰে। ১৯৭০ চনৰ পৰা আফ্ৰিকাৰ ১১ খন দেশত মাংকীপক্সৰ ঘটনা সংঘটিত হৈছিল। ২০০৩ চনত মাংকীপক্সৰ প্ৰাদুৰ্ভাৱ আমেৰিকা যুক্তৰাষ্ট্ৰত হৈছিল। এই প্ৰাদুৰ্ভাৱৰ ফলত আমেৰিকাত ৭০ৰো অধিক মাংকীপক্সৰ ঘটনা সংঘটিত হৈছিল।
২০১৮ চনৰ ছেপ্টেম্বৰ, ডিচেম্বৰ ২০১৯, মে' ২০২১ আৰু মে' ২০২২ ত নাইজেৰিয়াৰ পৰা ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যোৱা ভ্ৰমণকাৰীসকলৰ ক্ষেত্ৰত, মে' ২০১৯ ত ছিংগাপুৰলৈ আৰু ২০২১ চনৰ নৱেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যোৱা যাত্ৰীসকল মাংকীপক্সত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছিল।
পৰৱৰ্তী সময়ত মে' মাহত কেইবাখনো অ-স্থানীয় দেশত মাংকীপক্সৰ একাধিক ঘটনা চিনাক্ত কৰা হৈছিল। বিশ্বজুৰি প্ৰায় ৭৫খন দেশৰ পৰা ১৬০০০ৰো অধিক মাংকীপক্সৰ ঘটনাৰ বিষয়ে জানিব পৰা গৈছিল।
মাংকীপক্স সাধাৰণতে এক স্ব-সীমিত ৰোগ। যাৰ লক্ষণবোৰ ২ৰ পৰা ৪ সপ্তাহ থাকে। কেছ ফেটালিটি অনুপাত ঐতিহাসিকভাৱে সাধাৰণ মানুহৰ ক্ষেত্ৰত শূন্যৰ পৰা ১১ শতাংশৰ ভিতৰত আছিল আৰু সৰু ল'ৰা-ছোৱালীৰ মাজত অধিক আছিল । সাম্প্ৰতিক সময়ত, কেছ ফেটালিটি অনুপাত প্ৰায় তিনিৰ পৰা ছয় শতাংশ হৈছে। মাংকীপক্স হ'লে সাধাৰণতে জ্বৰ, মূৰৰ বিষ, তিনি সপ্তাহলৈকে দাগ, ডিঙিৰ বিষ, কাহ আৰু নাসিকা গ্ৰন্থি ফুলে ।
ইয়াৰোপৰি ঘা লগা,এই ঘা জ্বৰ আৰম্ভ হোৱাৰ একৰ পৰা তিনি দিনৰ ভিতৰত আৰম্ভ হয়। লগতে প্ৰায় দুইৰ পৰা চাৰি সপ্তাহ থাকে আৰু প্ৰায়ে খজুৱতি হয়। আৰোগ্য হোৱা পৰ্যায়লৈকে ই বেদনাদায়ক বুলি জানিব পৰা গৈছে । হাতৰ পৰা তলুৱালৈকে হোৱা খজুৱতি এই ৰোগৰ এক লক্ষণ।
মানুহৰ পৰা মানুহৰ সংক্ৰমণ প্ৰাথমিকভাৱে শ্বাস-প্ৰশ্বাসৰ জৰিয়তে হয় বুলি জনা যায় । ইয়াৰ বাবে সাধাৰণতে দীঘলীয়া ঘনিষ্ঠ সম্পৰ্কৰ প্ৰয়োজন হয়। ই শৰীৰৰ তৰল বা ঘা আদিৰ সৈতে পোনপটীয়া সংস্পৰ্শৰ জৰিয়তে সংক্ৰমিত হয় । আনহাতে, ঘা আদিৰ সৈতে পৰোক্ষ সংস্পৰ্শৰ জৰিয়তে সংক্ৰমিত হ'ব পাৰে । যেনে সংক্ৰমিত ব্যক্তিৰ দূষিত কাপোৰ আদিৰ জৰিয়তে ইয়াৰ সংক্ৰমণ হয় । সৰু স্তন্যপায়ী প্ৰাণীৰ দৰে সংক্ৰমিত প্ৰাণীৰ কামোৰ বা খজুৱতিৰ দ্বাৰা পশুৰ পৰা মানুহলৈ সংক্ৰমিত হ'ব পাৰে । যাৰ ভিতৰত আছে নিগনি, কেৰ্কেটুৱা, বান্দৰ আদি ।
ইনকিউবেচন ম্যাদ (সংক্ৰমণৰ পৰা লক্ষণ আৰম্ভ হোৱালৈকে ব্যৱধান) সাধাৰণতে ৬ৰ পৰা ১৩ দিন হয়। কিন্তু ৫ ৰ পৰা ২১ দিনৰ ভিতৰতো হ'ব পাৰে । সংক্ৰমণৰ ম্যাদ হৈছে চোকোৰা পৰাৰ একৰ পৰা দুই দিন আগতে যেতিয়ালৈকে সকলো স্কেব সৰি নাযায় বা কমি নাযায় ।
মাংকীপক্স যৌন ভাৱে সংক্ৰমিত হোৱা সমস্যা। বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ এধানম ঘেব্ৰেয়েচাছে কয় যে, পুৰুষৰ সৈতে যৌন সম্ভোগ কৰা পুৰুষলৈ এই ৰোগ বিয়পিব পাৰে। বিশেষকৈ একাধিক লোকৰ সৈতে যৌন সম্পৰ্ক কৰা লোকসকললৈ মাংকীপক্স সংক্ৰমিত হয়। ইয়াৰ অৰ্থ হৈছে, এইটো এনে এটা প্ৰাদুৰ্ভাৱ যাক সঠিক গোটবোৰত সঠিক ৰণনীতিৰে বন্ধ কৰিব পাৰি ।
"৫২৪টা নিশ্চিত সংক্ৰমণৰ ওপৰত দৃষ্টি ৰখা নিউ ইংলেণ্ড জাৰ্নেল অব মেডিচিনত প্ৰকাশিত এক গৱেষণাত পোৱা তথ্য অনুসৰি ৯৫ শতাংশ ঘটনা যৌন কাৰ্যকলাপৰ জৰিয়তে সংক্ৰমিত হৈছিল। সংক্ৰমিত লোকসকলৰ ৯৮শতাংশ সমকামী বা উভকামী পুৰুষ আছিল।
গতিকে ভয়াৱহ যদিও কিছু লবলগীয়া সাৱধানতাই আপোনাক মাংকীপক্স ভাইৰাছৰ পৰা আঁতৰাই ৰাখিব পাৰে। এই ৰোগ সংক্ৰমিত জন্তুৰ সৈতে অসুৰক্ষিত সংস্পৰ্শ পৰিহাৰ কৰা বা মৃত জন্তুবোৰক সমাধিস্থ কৰিব লাগে। সিহঁতৰ মাংস আৰু শৰীৰৰ তৰলৰ সংস্পৰ্শ এৰাই চলিব লাগে। মাংস খোৱাৰ আগতে ভালদৰে ৰান্ধিব লাগে। মানুহৰ মাজত বিয়পাৰ মুখ্য কাৰণ হৈছে সংক্ৰমিত ব্যক্তিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক। মাংকীপক্স ৰোগীৰ যত্ন লোৱাৰ সময়ত কভিড সংক্ৰমণ প্ৰতিৰোধ কৰাৰ দৰে সাৱধানতা অৱলম্বন কৰিব লাগে।
শেহতীয়াকৈ এই ৰোগ বিধৰ প্ৰাদুৰ্ভাৱ বাঢ়ি অহা লগে লগে পুনৰ জনসাধাৰণ আতংকিত হোৱা পৰিলক্ষিত হৈছে। কিন্তু এই সন্দৰ্ভত স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধান (ডিজিএইচএছ) ডাঃ অতুল গোৱেলে কয় যে, ভাৰতত এই ৰোগৰ বৃহৎ প্ৰভাৱ পৰাৰ আশংকা নাই। সেয়ে আতংকিত হোৱাৰো কোনো প্ৰয়োজন নাই । ভাৰতত মাংকীপক্সৰ ঘটনা পোহৰলৈ আহিলে পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ আমি সাজু হব লাগিব।