/asomiyapratidin/media/media_files/2025/01/14/G7Gw8rizQIVr5McFg1sE.jpg)
ডিজিটেল ডেস্কঃ পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ সভাপতি মেহবুবা মুফতিয়ে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাক তীব্ৰ ভাষাৰে সামালোচনা কৰে । কেন্দ্ৰীয় চৰকাৰৰ জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা বাতিল কৰাৰ সিদ্ধান্তক “স্বাভাৱিক” কৰাৰ পদক্ষেপ লোৱাৰ অভিযোগ তুলি সোমবাৰে সৰৱ হয় মেহবুবা মুফতি । মুফতিয়ে অভিযোগ তুলি কয় যে ওমৰ আব্দুল্লাৰ কাৰ্যপ্ৰণালী কেন্দ্ৰীয় চৰকাৰৰ অনুগামী । যাৰ বাবে অঞ্চলটো বিভাজন হৈছে আৰু স্বায়ত্তশাসন হেৰুৱাবলগীয়া হৈছে ।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত মেহবুবাই আব্দুল্লা আৰু মেহবুবা মুফতিৰ প্ৰয়াত পিতৃ জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুফতি মহম্মদ ছাইদৰ নেতৃত্ব শৈলীৰ মাজত তুলনা কৰে। তেওঁ বিপৰীতমুখী পন্থাসমূহৰ ওপৰত আলোকপাত কৰি কয় যে তেওঁৰ পিতৃৰ দৃষ্টিভংগীয়ে এসময়ত তেতিয়াৰ বিজেপিৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আস্থা লাভ কৰিছিল, আনকি সামান্য ৰাজনৈতিক উপস্থিতিৰেও।
“এজন অদূৰদৰ্শী ৰাজনীতিবিদ আৰু এজন প্ৰকৃত ৰাষ্ট্ৰনেতাৰ মাজত পাৰ্থক্য। ২০০৩ চনত তেতিয়াৰ বিজেপিৰ প্ৰধানমন্ত্ৰী বাজপেয়ীয়ে শ্ৰীনগৰ ভ্ৰমণৰ সময়ত মুফতি চাহাবৰ শান্তিৰ দৃষ্টিভংগীক মৰ্যাদাৰে অত্যন্ত বিশ্বাস দেখুৱাইছিল যদিও পিডিপিৰ মাত্ৰ ১৬ জন বিধায়ক আছিল। আজি আমাৰ মুখ্যমন্ত্ৰীয়ে ৫০ জন বিধায়কৰ সত্ত্বেও ২০১৯ চনৰ আগষ্ট মাহত দিল্লীৰ একপক্ষীয় কাৰ্য্যক সন্তুষ্ট আৰু স্বাভাৱিক কৰিবলৈ সকলো কৰিলে যিয়ে জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বিভাজিত আৰু কাঢ়ি লৈ গ’ল।’-মেহবুবাই নিজৰ পোষ্টত এইদৰে উল্লেখ কৰে ।