আৰ্ট হাউচ বৰহোলাৰ উদ্যোগত ভাস্কৰ্য শিল্পৰ কৰ্মশালা সম্পন্ন

আৰ্ট হাউচ বৰহোলাৰ উদ্যোগত ১৫ জুলাইৰ পৰা ৭ দিনীয়াকৈ অনুষ্ঠিত হোৱা কুমাৰ মাটি ভাস্কৰ্য শিল্প কৰ্মশালাৰ সোমবাৰে সামৰণি পৰে ৷ এই উপলক্ষে আৰ্ট হাউচ বৰহোলাৰ প্ৰেক্ষাগৃহত এখনি সভা অনুষ্ঠিত কৰা হয়৷ 

author-image
Asomiya Pratidin
New Update
DGDGDGDGDG

ডিজিটেল সংবাদ,ঘিলাধাৰীঃ আৰ্ট হাউচ বৰহোলাৰ উদ্যোগত ১৫ জুলাইৰ পৰা ৭ দিনীয়াকৈ অনুষ্ঠিত হোৱা কুমাৰ মাটি ভাস্কৰ্য শিল্প কৰ্মশালাৰ সোমবাৰে সামৰণি পৰে ৷ এই উপলক্ষে আৰ্ট হাউচ বৰহোলাৰ প্ৰেক্ষাগৃহত এখনি সভা অনুষ্ঠিত কৰা হয়৷ 

Advertisment

উক্ত সভাৰ সভাপতিত্ব কৰে প্ৰশিক্ষক অপূৰ্ব দাসে ৷ সভাখনৰ আঁত ধৰে আৰ্ট হাউচৰ সঞ্চালক প্ৰতীম শইকীয়াই ৷ সভাত বিশিষ্ট ব্যক্তি হিচাপে সাংবাদিক কুমুদ বৰা, উপেন সোণোৱাল উপস্থিত থাকে ৷

WhatsApp Image 2025-07-21 at 8.28.56 PM

ভালেসংখ্যক অভিভাৱক, ছাত্ৰ-ছাত্ৰী উপস্থিত থকা সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থকা সাংবাদিক কুমুদ বৰা, প্ৰশিক্ষক অপূৰ্ব দাসে কুমাৰ মাটি ভাস্কৰ্য শিল্পৰ ওপৰত বক্তব্য আগবঢ়ায়৷ সভাৰ শেষত ছাত্ৰ-ছাত্ৰী সকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷

বৰহোলা