পাকিস্তান চৰকাৰে ঠগিলে আৰ্ছাদ নাদীমকঃ নাৰাখিলে অলিম্পিক স্বৰ্ণ জয় কৰাৰ সময়ত দিয়া প্ৰতিশ্ৰুতি

পেৰিছ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচনা কৰিছিল পাকিস্তানৰ আৰ্ছাদ নাদীমে। পাকিস্তান চৰকাৰে তেওঁক এই সাফল্যৰ বাবে বৃহৎ পৰিসৰৰ মাটি উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছিল। 

author-image
Tushar Pratim
New Update
পাকিস্তান চৰকাৰে ঠগিলে আৰ্ছাদ নাদীমকঃ নাৰাখিলে অলিম্পিক স্বৰ্ণ জয় কৰাৰ  সময়ত দিয়া প্ৰতিশ্ৰুতি

ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচনা কৰিছিল পাকিস্তানৰ আৰ্ছাদ নাদীমে। এই ইতিহাস স্থাপনৰ পিছতে পাকিস্তান চৰকাৰে তেওঁক এই সাফল্যৰ বাবে এক বৃহৎ পৰিসৰৰ মাটি উপহাৰ দিয়াৰ কথা অতি ধুমধামেৰে ঘোষণা কৰিছিল। 

Advertisment

কিন্তু এটা বছৰ অতিক্ৰম কৰাৰ পিছতো আৰ্ছাদ নদীমে ঘোষণা অুসৰি সেই মাটি নাপালে। ফলত জেভলীন থ্ৰ’ৱাৰগৰাকীয়ে চৰকাৰে তেওঁক মিছা প্ৰতিশ্ৰুতি দিয়া বুলি ক’বলৈ বাধ্য হৈছে।

২০২৪ চনৰ পেৰিছ অলিম্পিকত আৰ্ছাদ নাদীমে জেভলিন থ্ৰ’ত সোণৰ পদক লাভ কৰিছিল। তাৰ পিছৰে পৰা পাকিস্তানত তেওঁক লৈ চৰ্চা চলি আহিছে। পঞ্জাৱৰ মুখ্যমন্ত্ৰী মৰিয়াম নৱাজে নাদীমৰ বাবে পাকিস্তানী মুদ্ৰাৰ দহ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ ঘোষণা কৰিছিল। 

তদুপৰি কেইবাটাও ব্যক্তিগত সংস্থা আৰু পাকিস্তান চৰকাৰে আৰ্থিক পুৰস্কাৰ দিয়া বুলি কোৱা হৈছিল। ঘোষণা কৰা হৈছিল যে নাদীমক কেন্দ্ৰীয় আৰু প্ৰাদেশিক উভয় চৰকাৰে মাটি দিব।

পেৰিছ অলিম্পিকত সোণৰ পদক লাভ কৰাৰ প্ৰায় এবছৰ পাৰ হৈ গ’ল। কিন্তু জেভেলীন থ্ৰ’ৱাৰগৰাকীয়ে প্ৰতিশ্ৰুতি অনুসৰি সেই পুৰস্কাৰ লাভ নকৰিলে। সেই সময়ত কোৱা হৈছিল যে, নাদীমৰ গৃহ চহৰ খানেৱালত এখন স্প’ৰ্টছ চিটি নিৰ্মাণ কৰা হ’ব। 

কিন্তু এবছৰৰ পাছতো তাৰো কোন কাম আৰম্ভ হোৱা নাই। ফলত নাদীমে এক সংবাদ মাধ্যমৰ আগত মুকলিকৈ এই কথা ক’বলৈ বাধ্য হৈছে। তেওঁ কয় যে, "মোৰ বাবে যিবোৰ বঁটা ঘোষণা কৰা হৈছিল, তাৰ ভিতৰত মাটিৰ সৈতে জড়িত প্ৰতিশ্ৰুতি ভুৱা আছিল। মই কোনো মাটি পোৱা নাই।অৱশ্যে যি আৰ্থিক বঁটা ঘোষণা কৰা হৈছিল, সেইবোৰ মই পাইছো।"

ইয়াৰ বাবে নাদীমে বিশেষ কাৰো ওপৰত অভিযোগ উত্থাপন কৰা নাই। অৱশ্যে তেওঁৰ এই অভিযোগৰ লক্ষ্য পাকিস্তান চৰকাৰ বুলি স্পষ্ট হৈছে। অৱশ্যে নিজৰ দেশৰ চৰকাৰৰ পৰা এইদৰে ভুৱা প্ৰতিশ্ৰুতি লাভ কৰিও, প্ৰাপ্যৰ পৰা বঞ্চিত হৈয় পৰৱৰ্তী প্ৰতিযোগিতাৰ বাবে নিজৰ প্ৰস্তুতি চলাইছে। 

তাৰোপৰি তেওঁ পাকিস্তানৰ পৰা নতুন নতুন এথলিট তৈয়াৰ কৰাত গুৰুত্ব প্ৰদান কৰিছে। অহা মাহত ছিলেছিয়া ডাইমণ্ড লীগত ভাৰতৰ ষ্টাৰ জেভলীন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাৰ বিৰুদ্ধেও তেওঁক প্ৰতিদ্বন্দ্বিতা কৰা দেখা যাব। 

পাকিস্তান অলিম্পিক পেৰিছ অলিম্পিক