আৰক্ষীৰ অভিযানত নিচাযুক্ত দ্ৰব্যসহ সৰবৰাহকাৰীক আটক

দক্ষিণ শালমাৰা মানকাচৰ আৰক্ষী জিলাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত সুতলামাৰা চৰত এক অভিযান চলায়। এই অভিযানত ৩৬ টা কণ্টেইনাৰ ভৰ্তি ৩৭ গ্ৰাম সন্দেহযুক্ত হিৰোইন জব্দ কৰে

author-image
Asomiya Pratidin
New Update
210

ডিজিটেল সংবাদ, মানকাচৰ : দক্ষিণ শালমাৰা মানকাচৰ আৰক্ষী জিলাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত সুতলামাৰা চৰত এক অভিযান চলায়। এই অভিযানত ৩৬ টা কণ্টেইনাৰ ভৰ্তি ৩৭ গ্ৰাম সন্দেহযুক্ত হিৰোইন জব্দ কৰে।

WhatsApp Image 2025-11-13 at 9.18.22 AM

লগতে শালমাৰা থানাৰ অন্তৰ্গত সুতলামাৰা প্ৰথম খণ্ডৰ মাধু মোল্লাৰ পুতেক নবাব মোল্লাক আটক কৰে। আটকাধীন নবাব মোল্লাৰ পৰা অধিক তথ্যৰ কাৰণে সোধা পোছা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে।

আৰক্ষী