মহিলা সাংবাদিকৰ ফটোৰে ব্যৱসায় কৰা দুর্বৃত্তক গ্ৰেপ্তাৰৰ দাবী সাংবাদিকৰ

উল্লেখ্য যে চাইবাৰ অপৰাধীৰ লক্ষ্য হৈ পৰা মহিলা সাংবাদিকৰ তালিকাত আছে বহু কেইগৰাকী জ্যেষ্ঠ সাংবাদিকৰ ফটো। আনহাতে কেবাগৰাকী অভিনেত্রী-সাংবাদিক-কনটেন্ট ক্রিয়েটৰৰ লগতে গায়িকাও এনে অপৰাধীৰ লক্ষ্য হোৱা দেখা গৈছে।

author-image
Asomiya Pratidin
New Update
 বহিঃৰাজ্যৰ ৪ চাইবাৰ অপৰাধীক গ্রেপ্তাৰ বশিষ্ঠ আৰক্ষী আৰু অপৰাধ শাখাৰ

 

Advertisment

ডিজিটেল সংবাদ, গুৱাহাটীঃ দুস্কৃতিকাৰীৰ টার্গেট হৈ পৰিছে ৰাজ্যৰ একাংশ মহিলা সাংবাদিক। মহিলা সাংবাদিকৰ ফটো ব্যৱহাৰ কৰি দুষ্ট চক্রই অসাধু ব্যবসায় আৰম্ভ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে মহিলা সাংবাদিকৰ ফটো ব্যৱহাৰ কৰি অসৎ বেহা চলোৱা কাৰ্যৰ তীব্র বিৰোধিতা কৰিছে অসম মহিলা সাংবাদিক মঞ্চই।

উল্লেখ্য যে চাইবাৰ অপৰাধীৰ লক্ষ্য হৈ পৰা মহিলা সাংবাদিকৰ তালিকাত আছে বহু কেইগৰাকী জ্যেষ্ঠ সাংবাদিকৰ ফটো। আনহাতে কেবাগৰাকী অভিনেত্রী-সাংবাদিক-কনটেন্ট ক্রিয়েটৰৰ লগতে গায়িকাও এনে অপৰাধীৰ লক্ষ্য হোৱা দেখা গৈছে। বিভিন্ন সংবাদ মাধ্যমৰ বহু কেইগৰাকী মহিলা সাংবাদিকৰ ফটো দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমৰ পেজত। Assamese Girls Online আৰু Assamese Beautiful Girls নামৰ দুটা ফেচবুক পেজে মহিলা সাংবাদিকৰ ফটো ব্যৱহাৰ কৰি এক অনৈতিক ব্যবসায় চলাই আহিছে।

সেই ফটো দেখি একাংশই যোগাযোগ কৰে পেজটোৰ সৈতে। তাৰ পিছতেই আৰম্ভ হয় অনৈতিক ব্যৱসায়। কেইবাগৰাকী ভুক্তভোগীয়ে গুৱাহাটীৰ চাইবাৰ থানাত এজাহাৰ দিয়াৰ পাছতেই আৰক্ষীয়ে দুষ্ট চক্রটোরে ব্যবহাৰ কৰা ফোন নম্বৰৰ পম খেদি গুৱাহাটীৰ হাতীগাঁৱৰ এখন ইউনিছেক্স পার্লাৰত এনে ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰে।

অসাধু চক্রৰ দ্বাৰা চলি অহা এনে অনৈতিক কাণ্ডৰ সমগ্র ঘটনাৰ উচিত তদন্ত বিচাৰিছে অসম মহিলা সাংবাদিক মঞ্চই। এক বিবৃতিৰ জৰিয়তে আজি মঞ্চই সংশ্লিষ্ট প্রশাসনীয় কর্তৃপক্ষৰ ওচৰত অতি শীঘ্ৰে অপৰাধীৰ চক্র উৎখাত কৰাৰ দাবী উত্থাপন কৰে।

সাংবাদিক