সৰ্বভাৰতীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাৰ শীৰ্ষত পশ্চিম বংগৰ অৰ্পণ দাস

বৰ্তমান ইণ্টাৰনেশ্যনেল মাষ্টাৰ দুটা পইণ্ট হেৰুৱাই ছয় পইণ্টৰে চতুৰ্থ স্থানত আছে। অসমৰ ইফটিকাৰ আলম মজুমদাৰে চাৰে সাত পইণ্টেৰে সিং চৰাম ৰাহুলৰ সৈতে দ্বিতীয় স্থানত আছে।

author-image
Asomiya Pratidin
New Update
সৰ্বভাৰতীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাৰ শীৰ্ষত পশ্চিম বংগৰ অৰ্পণ দাস

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰ চেছ একাডেমীৰ উদ্যোগত তথা শিৱসাগৰ জিলা দবা সন্থা আৰু শিৱসাগৰ মাৰোৱাৰী চেৰিট্ৰেবল চছাইটিৰ সহযোগত ৫ এপ্ৰিলৰ পৰা শিৱসাগৰ মিলন মন্দিৰত অনুষ্ঠিত হৈছে সৰ্বভাৰতীয় পৰ্যায়ৰ ফিডে ৰেটিং দবা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ বুধবাৰে অনুষ্ঠিত নৱম ৰাউণ্ডৰ শেষত পশ্চিম বংগৰ অৰ্পণ দাসে আঠ পইণ্ট লাভ কৰি শীৰ্ষ স্থানত আছে। 

Advertisment

তেওঁ অসমৰ সীতাৰ্থ প্ৰতীম বুঢ়াগোহাঁইক পৰাস্ত কৰে। দুই নম্বৰ টেবুলত পশ্চিম বংগৰ খেলুৱৈ ফিডে মাষ্টাৰ জয়দ্বীপ দত্ত আৰু অসমৰ সিং চৰাম ৰাহুলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতাৰ শেষত ড্ৰ হয়। 

আনহাতে সিং চৰাম ৰাহুলে চাৰে সাত পইণ্টেৰে দ্বিতীয় স্থানত আছে। তিনি নম্বৰ টেবুলত পশ্চিম বংগৰ ইণ্টাৰনেশ্যনেল মাষ্টাৰ পালিত চমকে অসমৰ ইফটিকাৰ আলম মজুমদাৰৰ সৈতে ইংলিছ অপেনিঙেৰে আৰম্ভ কৰি এণ্ড গেমত ধৰাশায়ী হ'ব লগাত পৰে। 

একেদৰে অষ্টম ৰাউণ্ডতো পালিক চমক অসমৰ সিং চৰাম ৰাহুলৰ হাতত ধৰাশায়ী হ'ব লগাত পৰে। বৰ্তমান ইণ্টাৰনেশ্যনেল মাষ্টাৰ দুটা পইণ্ট হেৰুৱাই ছয় পইণ্টৰে চতুৰ্থ স্থানত আছে। অসমৰ ইফটিকাৰ আলম মজুমদাৰে চাৰে সাত পইণ্টেৰে সিং চৰাম ৰাহুলৰ সৈতে দ্বিতীয় স্থানত আছে।

sivsagar