৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডৰ সাক্ষী হ'ব ১০ হাজাৰ অতিথি

নতুন দিল্লীৰ কৰ্তব্য পথত অনুষ্ঠিত হ'বলগীয়া পেৰেডৰ সাক্ষী হ'বলৈ বিভিন্ন ক্ষেত্ৰৰ পৰা প্ৰায় ১০ হাজাৰ বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীত চলিছে ৭৭তম গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি। ১৯৫০ চনৰ এই  ২৬ জানুৱাৰী দিনটোতে ভাৰতৰ সংবিধান গৃহীত হৈছিল। যাৰ বাবে ২৬ জানুৱাৰীৰ দিনটোত সমগ্ৰ দেশত গণৰাজ্য দিৱস পালন কৰে। প্ৰতিবছৰৰ দৰে এইবাৰো দিল্লীত এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

image (52)

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ বাবে  ৰাজধানী দিল্লীত চলিছে ব্যাপক প্ৰস্তুতি। নতুন দিল্লীৰ কৰ্তব্য পথত অনুষ্ঠিত হ'বলগীয়া পেৰেডৰ সাক্ষী হ'বলৈ বিভিন্ন ক্ষেত্ৰৰ পৰা প্ৰায় ১০ হাজাৰ বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে । আমন্ত্ৰিত অতিথিসকলৰ ভিতৰত আয় আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত দৃষ্টান্তমূলক কাম কৰা, শ্রেষ্ঠ উদ্ভাৱক, ষ্টার্টআপ, আত্মসহায়ক গোট আৰু বিভিন্ন চৰকাৰী পদক্ষেপৰ অধীনত শ্রেষ্ঠত্ব প্ৰদৰ্শন কৰা ব্যক্তিসকল আছে।ৰাষ্ট্ৰ নিৰ্মাণ আৰু সাধাৰণ জনতাৰ বাবে বিভিন্ন উন্নয়নমূলক কাম কৰা ব্যক্তিসকলৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে তেওঁলোকক বিশেষ অতিথি হিচাপে এই অনুষ্ঠানত আমন্ত্ৰণ জনোৱা হৈছে। 

WhatsApp Image 2026-01-21 at 3.11.37 PM

উল্লেখ্য যে, ২০২৬ চনৰ এই বিশেষ পেৰেডত ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ' কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। অসমৰ পৰাও 'আশীৰাকান্দিৰ মৃৎশিল্প'ৰ  ওপৰত আধাৰিত এখন আকৰ্ষণীয় প্ৰতীকপট পেৰেডত প্ৰদৰ্শিত কৰিব। অনুষ্ঠানৰ উপৰিও বিশেষ অতিথিসকলক ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধ, প্ৰধানমন্ত্ৰী সংগ্ৰহালয় আৰু দিল্লীৰ অন্যান্য বিশিষ্ট স্থানসমূহ ভ্ৰমণৰ ব্যৱস্থা কৰা হ'ব। সংশ্লিষ্ট মন্ত্ৰীসকলৰ সৈতে মত বিনিময়ৰ সুযোগ লাভ কৰিব অতিথিসকলে। 

দিল্লী