জিআই টেগ পোৱা বড়ো জনগোষ্ঠীৰ সম্পদ আৰোনাইৰ বিকৃত ৰূপ ঠিকাদাৰৰ...

জিআই টেগ পোৱা বড়ো জনগোষ্ঠীৰ সম্পদ আৰোনাই খন বিকৃত ৰূপত তৈয়াৰ কৰাক লৈ বড়ো জনগোষ্ঠীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অলপতে অসমৰ মুখ্যমন্ত্ৰী

author-image
Asomiya Pratidin
New Update
yuuuddd

ডিজিটেল ডেস্কঃ জিআই টেগ পোৱা বড়ো জনগোষ্ঠীৰ সম্পদ আৰোনাই খন বিকৃত ৰূপত তৈয়াৰ কৰাক লৈ বড়ো জনগোষ্ঠীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অলপতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকলৈ বিজেপিৰ একাংশ নেতাক  বাক্সা জিলাৰ মনীন বড়ো নামৰ এজন ঠিকাদাৰে পদুম ফুলৰ ফুল তোলা আৰোনাই এখনেৰে সম্বোধনা দিছিল।  

Advertisment

এই সম্বোধনা দিয়া ছবি  মনীন বড়োই নিজৰ ফেচবুক একাউণ্টত পোষ্ট কৰা  দেখি বড়ো সকলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হয় । এনেকৈ  আৰোনাইখন বিকৃত ৰূপত তৈয়াৰ কৰাত লৈ  ৰাজ্যজুৰি বড়ো ৰাইজে ধিক্কাৰ দিছে । এনেকৈ আৰোনাইখন বিকৃত ৰূপত  তৈয়াৰ কৰিবলৈ দিয়া ঠিকাদাৰ মনীন বড়োই বড়ো ৰাইজৰ আগত ক্ষমা বিচাৰিবলৈ প্ৰতিজন বড়ো লোকে ফেচবুক , ওৱাটচাপ আদি মাধ্যমেৰে জনাইছে ।

এনেদৰে আৰোনাইখন বিকৃত ৰূপত তৈয়াৰ কৰা ব্যক্তিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োই গৰিহনা দিছে । তেওঁ কয় যে বড়ো জনগোষ্ঠীৰ সম্পদ তথা আবেগ বিবেকৰ সৈতে জড়িত আৰোনাইখন ৰাজনৈতি পথাৰত বিকৃত ৰূপত পৰিচয় দিয়াক নিখিল বড়ো ছাত্ৰ সন্থাই দুখ প্ৰকাশ কৰিছে  আৰু তেনে কামক কঠোৰ ভাষাৰে গৰিহণা দিছে ।  ভৱিষ্যতে যেন বড়ো জনগোষ্ঠীৰ সম্পদ স্বৰূপ কপোৰ বা বস্তুবোৰ বিকৃত ৰূপত তৈয়াৰ নকৰে তাৰ বাবে সকলোকে আহ্বান জনাইছে ।

ড০ হিমন্ত বিশ্ব শৰ্মা