পুনৰ গুলীৰ শব্দত কঁপি উঠিল উজনি অসমঃ সেনা-উগ্ৰপন্থীৰ সংঘৰ্ষ...

পুনৰ গুলীৰ শব্দত কঁপি উঠিল উজনি অসমঃ সেনা-উগ্ৰপন্থীৰ সংঘৰ্ষ...
পুনৰ গুলীৰ শব্দত কঁপি উঠিল উজনি অসমঃ সেনা-উগ্ৰপন্থীৰ সংঘৰ্ষ...

ডিজিটেল ডেস্কঃ পুনৰ গুলীৰ শব্দত আকাশ বতাহ কপি উঠিল উজনি অসমৰ। তিনিচুকীয়াৰ আপাৰ দিহিং বনাঞ্চলত সোমবাৰে পুৱতি নিশাই সংঘটিত হ’ল সেনা আৰক্ষীৰে উগ্ৰপন্থীৰ সংঘৰ্ষ।

আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা খবৰ মতে পুৱাই বনাঞ্চলখনৰ ফাঁচী দলৰ সন্মুখত সংঘটিত হয় এক আই ই ডি বিস্ফোৰণ। সেনাৰ এখন বাহনলৈ লক্ষ্য কৰি উগ্ৰপন্থী সংগঠনে নিক্ষেপ কৰে এই আই ই ডি। ইয়াৰ পিছতে সেনা, আৰক্ষীৰ সৈতে উগ্ৰপন্থী দলটোৰ মাজত সৃষ্টি হয় গুলীয়াগুলী।

উল্লেখ্যে যে, বনাঞ্চলখনত আলফাৰ এটা ৫ জনীয়া দলে বাহৰ পতাৰ খবৰ লাভ কৰিছিল সেনা, আৰক্ষীয়ে। এই খবৰ লাভ কৰাৰ পিছতে বনাঞ্চলখনত এই সন্দেহযুক্ত ৫ জন আলফা সদস্যৰ বিৰুদ্ধে চলিছিল অভিযান।

এই অভিযানৰ মাজতে উগ্ৰপন্থীৰ দলটোৱে সেনাৰ এখন বাহনক লক্ষ্য কৰি আই ই ডি নিক্ষেপ কৰে। সেনাৰ যিখন বাহনলৈ এ আই ই ডি নিক্ষেপ কৰিছিল সেই বাহনখন আছিল বুলেট প্ৰুফ।ফলত বাহনখনত থকা সেনাৰ দলটো ৰক্ষা পৰে যদিও বাহনখনৰ যথেষ্ট ক্ষতি হৈছে।

এই ঘটনাৰ পিছতে সেনাই সমগ্ৰ বনাঞ্চলখন চাৰিওফালৰ পৰা আগুৰি ধৰিছে। আপাৰ দিহং বনাঞ্চলৰ ডিগবৈ-পেঙেৰী সংযোগী পথ আবদ্ধ কৰিছে সেনা আৰক্ষীয়ে।   

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in