/asomiyapratidin/media/media_files/2025/08/01/ap-for-web-gjhkv-2025-08-01-12-16-00.jpg)
ডিজিটেল ডেস্ক : পূৰ্বতকৈ আৰু অধিক শক্তিশালী হ’ল ভাৰতীয় নৌসেনা বাহিনী। শেহতীয়াকৈ এই নৌসেনা বাহিনীয়ে লাভ কৰিছে এখন শক্তিশালী জাহাজ।
এই জাহাজখনৰ নাম হৈছে হিমগিৰি। ৩১ জুলাই ২০২৫ত গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ চমুকৈ জি আৰ এছ ই লিমিটেডে ভাৰতীয় নৌসেনাক প্ৰদান কৰিছে এই হিমগিৰি যুদ্ধ জাহাজ।
উল্লেখযোগ্য যে, প্ৰজেক্ট ১৭এৰ অধীনত জি আৰ এছ ইয়ে নিৰ্মাণ কৰিছে এই জাহাজখন। এই জাহাজখন ৩ মহলীয়া। কেৱল ইমানেই নহয়, তিনি মহলীয়া উন্নতমানৰ ই হৈছে প্ৰথমখন শক্তিশালী যুদ্ধ জাহাজ। ইয়াৰ দীৰ্ঘ ১৪৯ মিটাৰ। তাৰোপৰি ইয়াৰ ওজন ৬,৭৬০ টন।
এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে, জি আৰ এছ ইৰ দ্বাৰা নিৰ্মিত হিমগিৰি হৈছে ৮০১ সংখ্যক জাহাজ। তাৰোপৰি আটাইতকৈ ডাঙৰ আৰু আধুনিক যুদ্ধ জাহাজ হিমগিৰি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us