/asomiyapratidin/media/media_files/2025/03/20/t17gffvxErcsys9wh9Mf.jpg)
ডিজিটেল ডেস্কঃ অৱশেষত জীৱন যুঁজত হাৰ মানিলে কাজিৰঙা বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৰিনা বড়োই। ১২ মাৰ্চত যোৰহাটৰ পুলিবৰত সংঘটিত পথ দুৰ্ঘটনাত পতিত হৈছিল আৰিনা। লগে লগে সংকটজনক অৱস্থাত যোৰহাটৰ মিছন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ছাত্রীগৰাকীক।
আজি চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে আৰিনাই। উল্লেখযোগ্য যে, যোৰহাটৰ আজান গাঁৱৰ সমীপত দ্ৰুতবেগী বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল।দুৰ্ঘটনাটোত আৰিনাই মূৰত গুৰুতৰ আঘাত পোৱাত মগজু পৰ্যন্ত ওলাই আহিছিল।
ইফালে থিতাতে নিহত হৈছিল কাজিৰঙা বিশ্ববিদ্যালয়ৰ দুজনকৈ ছাত্র, গোৱালপাৰাৰ মছতাফা মুজাহিদ আৰু যোৰহাট লিচুবাৰীৰ ইৰফান হুছেইন। বৰ্তমানেও জেএমচিএইছত চিকিৎসাধীন হৈ আছে যোৰহাট চিনামৰাৰ খুছবু নভেল।