/asomiyapratidin/media/media_files/2025/06/29/jnjnjknkj-2025-06-29-20-03-58.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "পৰিস্কাৰ হাতৰ আখৰ হ'ল এটা নিৰৱচ্ছিন্ন সাধনাৰ ফল আৰু এই সাধনাত ব্ৰতী হোৱাজন সুন্দৰ হাতৰ আখৰৰ গৰাকী হোৱাটো নিশ্চিত। আনহাতে সাধুকথা হৈছে মৌখিক সাহিত্য, ইয়াক ‘বাচিক কলা’ বা ‘Verbal Art’। সাধুকথাৰ জড়িয়তে শিশুৰ চিত্ৰকল্প তথা কল্পনাপ্ৰৱণ মনক জাগ্ৰত কৰিব পাৰি।"
হাতৰ আখৰ আৰু সাধুকথা এই দুই গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰতি অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলক আকৰ্ষিত কৰাৰ সংকল্পৰে আৰ্হি ফাউণ্ডেশ্যনৰ উদ্যোগত গ্ৰীষ্ম বন্ধৰ সময়চোৱাত "সাধুকথা আৰু হাতৰ আখৰৰ কৰ্মশালা" অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। নগাঁও জিলাৰ ধিং জগন্নাথ মন্দিৰ প্ৰাংগনত অহা ২ জুলাইৰ পৰা ৬ জুলাইলৈ নিতৌ বিয়লি ৪ বজাৰ পৰা ৬ বজালৈ অনুষ্ঠিত হবলগিয়া কৰ্মশালাৰ ভৰ্তি মাচুল ২০০ টকা ধাৰ্য্য কৰা হৈছে। এই কৰ্মশালা বিষয়ে সবিশেষ জানিবলৈ 76358 65608 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।