শাৰদীয় বতৰতো তীব্ৰ উষ্ণতা ! উদ্বিগ্ন অৰণ্য সুৰক্ষা সমিতি...

বনধ্বংসই বঢ়াইছে উষ্ণতা...

author-image
Asomiya Pratidin
New Update
শাৰদীয় বতৰতো তীব্ৰ উষ্ণতা ! উদ্বিগ্ন অৰণ্য সুৰক্ষা সমিতি...

GLOBAL WARMING

ডিজিটেল সংবাদ গুৱাহাটীঃ বনাঞ্চল ধ্বংসৰ ফলত ভয়াবহ ভাবে বৃদ্ধি পাইছে উষ্ণতা। শাৰদীয় বতৰতো অসমৰ উষ্ণতা গ্ৰীষ্ম কালৰ দৰেই হৈ আছে। আগতে পূজাৰ সময়ত থিয়েটাৰ চাবলৈ যোৱা দৰ্শকে চুৱেটাৰ পিন্ধি গৈছিল। এতিয়া বিচনী হাতত লৈহে থিয়েটাৰ চাব লগা হৈছে শাৰদীয় বতৰতো।

Advertisment

বনধ্বংসৰ ফলত ব্যাপক হাৰত উষ্ণতা বৃদ্ধিত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অৰণ্য সুৰক্ষা সমিতি অসমে। আজি অৰণ্য দিৱস উপলক্ষে গুৱাহাটীৰ ৰাজগড় ৰোডত সমিতিয়ে আয়োজন কৰা এখন সভাত সমিতিৰ কৰ্মকৰ্তাসকলে উন্নয়নৰ নামত জধেমধে গছ নাকাটিবলৈ আহ্বান জনাই কয় যে, আমি যদি বহনক্ষম উন্নয়নৰ প্ৰতি মনোযোগ নিদিও তেনেহ'লে ভৱিষ্যত প্ৰজন্মই ভয়াবহ পৰিৱেশজনিত সমস্যাৰ সন্মুখীন হ'ব আৰু আমি এদিন তেওঁলোকৰ ধিক্কাৰৰ পাত্ৰ হ'ব লাগিব।

সমিতিৰ অন্যতম উপদেষ্টা দীপক কুমাৰ দাসে সভাপতিত্ব কৰা সভাত সমিতিৰ সদস্যসকলে চৰকাৰক বহনক্ষম উন্নয়ন সম্পৰ্কীয় বিধি প্ৰণয়ণ কৰিবলৈ আহ্বান জনায়। সভাত ভাষণ দি সমিতিৰ সচিব প্ৰধান ড০হৰিচৰণ দাসে কয় যে, বহল বাটতকৈ বহল বননিৰহে এতিয়া অধিক প্ৰয়োজন হৈ পৰিছে ।

তেওঁ কয় যে, ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত আমি কিছুমান প্ৰযুক্তি নিৰ্ভৰ সুখ-সুবিধা ত্যাগ কৰিবলৈ সাজু থাকিব লাগিব। অৰণ্য সুৰক্ষা সমিতি অসমৰ কাৰ্যকৰী সচিব নিতুল শিৱনাথে উদ্দেশ্য বাখ্যা কৰা সভাত সমিতিৰ গুৱাহাটীৰ স্বেচ্ছাসেৱকসকল উপস্থিত আছিল।

GLOBAL WARMING guwahati