Advertisment

বিবাহ বিচ্ছেদৰ সিদ্ধান্ত শিল্পী এ আৰ ৰহমান আৰু পত্নীৰ...

৩ সন্তানৰ পিত-মাতৃ এ আৰ ৰহমান আৰু পত্নী ছাইৰা বানুৱে সম্পৰ্কটোত অতি মাত্ৰা আৱেগিক চাপৰ সন্মুখীন হোৱা ফলতে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তটো তেওঁলোকৰ বাবে অতি বেদনাদায়ক আৰু কষ্টকৰ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
১

ডিজিটেল ডেস্কঃ শিল্পী এ আৰ ৰহমানৰ বিবাহ বিচ্ছেদ ঘটিছে। পত্নী ছাইৰা বানুৰ সৈতে থকা ২৯ বছৰীয়া সম্পৰ্কৰ বিচ্ছেদ হোৱা বুলি এক বিবৃতিযোগে মঙলবাৰে জানিবলৈ দিয়ে তেওঁলোকৰ অধিবক্তাই।

Advertisment

বিবৃতিত প্ৰকাশ কৰা অনুসৰি, শিল্পীগৰাকী আৰু তেওঁৰ পত্নীয়ে সম্পৰ্কটোত অতি মাত্ৰা আৱেগিক চাপৰ সন্মুখীন হোৱা ফলতে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে।

2

ইজনৰ আনজনৰ প্ৰতি গভীৰ প্ৰেম থকা স্বত্বেও দম্পত্তিটোৰ মাজত বহু অসুবিধা তথা সমস্যাই দেখা দিছে। যাৰ ফলত দম্পত্তিটোৱে ২৯ বছৰীয়া দীঘলীয়া বৈবাহিক জীৱনৰ পৰিসমাপ্তিৰ সিদ্ধান্ত ল'বলগীয়া হৈছে।ছাইৰাই প্ৰকাশ অনুসৰি, এই সিদ্ধান্তটো তেওঁৰ বাবে অতি বেদনাদায়ক আৰু কষ্টকৰ।

উল্লেখ কৰা প্ৰয়োজন যে,  ১৯৯৫ চনত বিবাহপাশত আৱদ্ধ হোৱা এ আৰ ৰহমান আৰু ছাইৰা বানু ৩ সন্তানৰ পিত-মাতৃ। পৰিয়ালটোৰ এই কঠিন সময়ছোৱাত তেওঁলোকৰ গোপনীয়তাক সন্মান জনাবলৈ সকলোকে আহ্বান জনাইছে দম্পত্তিটোৱে।

এ আৰ ৰহমান