APSC SCAM: কংগ্ৰেছ - বিজেপিৰ অপকৰ্মৰ ফল ভুগিছে ৰাইজে...

'কংগ্ৰেছ আৰু বিজেপি এটা মুদ্ৰাৰ দুটা পিঠি ৷ স্বাধীনতাৰ পিছত কংগ্ৰেছে যি বাটেৰে বাট বুলিলে এতিয়া বিজেপিয়েও একেটা বাটেৰেই আগবাঢ়িছে ৷ ' অসম লোকসেৱা আয়োগৰ বিয়াগোম কেলেংকাৰিৰ তদন্তৰ প্ৰতিবেদন প্ৰকাশৰ পিছত এই অভিযোগ আম আদমি পাৰ্টী, অসমৰ ৷

author-image
Asomiya Pratidin
New Update
আপ.

আপ.

ডিজিটেল সংবাদ, গুৱাহাটীঃ 'কংগ্ৰেছ আৰু বিজেপি এটা মুদ্ৰাৰ দুটা পিঠি ৷ স্বাধীনতাৰ পিছত কংগ্ৰেছে যি বাটেৰে বাট বুলিলে এতিয়া বিজেপিয়েও একেটা বাটেৰেই আগবাঢ়িছে ৷ ' অসম লোকসেৱা আয়োগৰ বিয়াগোম কেলেংকাৰিৰ তদন্তৰ প্ৰতিবেদন প্ৰকাশৰ পিছত এই অভিযোগ আম আদমি পাৰ্টী, অসমৰ ৷

Advertisment

আজি আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়,  "কংগ্ৰেছ চৰকাৰৰ আমোলত এই বিয়াগোম কেলেংকাৰি সংঘটিত হৈছিল আৰু বিজেপি চৰকাৰৰ কাৰ্যকালত ইয়াৰ তদন্ত কৰা হ'ল ৷

কিন্তু অতি উদ্বেগৰ বিষয় যে এপিএছচি কেলেংকাৰিৰ তদন্তৰ নামত ভেকোঁভাওনাহে কৰা হৈছে ৷ তদন্তৰ প্ৰতিবেদনত ৰাকেশ পালে কাৰ বিয়াত কি দিলে, কোনে কিমান টকা চান্দা ল'লে সেই নামবোৰ বাচি বাচি প্ৰকাশ কৰা হৈছে ৷ অথচ কেলেংকাৰি সংঘটিত হোৱা সময়ৰ ক্ষমতাশালী মন্ত্ৰী, বিধায়ক, প্ৰভাৱশালী নেতা আজি বিজেপি আমোলৰ মন্ত্ৰী, বিধায়ক তথা চৰকাৰৰ প্ৰভাৱশালী অংশীদাৰ ৷ পূৰ্বে সেই সকলৰ নামো কেলেংকাৰিত জড়িত থকা বুলি উচ্চাৰিত হৈছিল ৷  তদন্ত প্ৰতিবেদনত সেই নামবোৰ  স্থান নাপালে।

" কংগ্ৰেছ - বিজেপি ৰ দল আৰু চৰকাৰ ৰাজ্যখনৰ বাবে মুঠেও মংগলজনক নহয় বুলি উল্লেখ কৰি আপৰ ৰাজ্যিক উপ সভাপতি গৰাকীয়ে কয়," দুৰ্নীতি সংঘটিত কৰা এটা দলে আনটো দলক গালি গালাজ পাৰি এতিয়া তেওঁলোকে দিন পাৰ কৰিছে, ৰাইজৰ কামলৈ পিঠি দিছে ৷ উন্নয়নমূলক কাম স্থবিৰ হৈছে।

ৰাজ্যখনত এতিয়া নামতহে বিজেপিৰ চৰকাৰ, প্ৰকৃতাৰ্থত কংগ্ৰেছ আৰু বিজেপিয়ে বুজাবুজিৰে চৰকাৰ চলাইছে ৷ এই দুয়োটা দলৰ অপকৰ্মৰ ফল অসমৰ ৰাইজে ভুগিবলগীয়া হৈছে। আপাদ মস্তক দুৰ্নীতিৰ বোকাত লুতুৰি - পুতুৰি কংগ্ৰেছ আৰু বিজেপিক অসমৰ ৰাইজে কোনোদিন ক্ষমা নকৰে ৷"

আপ অসম