/asomiyapratidin/media/media_files/2025/06/23/apsc-scam-2025-06-23-20-55-21.jpeg)
ডিজিটেল ডেস্কঃ অসম লোকসেৱা আয়োগ (এপিএছচি) সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ধনৰ বিনিময়ত চাকৰিৰ গোচৰত চাকৰি হেৰুওৱা ৫২ গৰাকী বিষয়াই পুনৰ লাভ কৰিব চাকৰি। গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০ জুনতে দিয়া এই নিৰ্দেশনাৰ জাননী আজি প্ৰকাশ পাইছে।
উল্লেখ্য যে, ২০১৪ চনৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (চিচিই)ত হোৱা কেলেংকাৰীৰ তদন্তৰ অন্তত ৫২ গৰাকী ৰাজপত্ৰিত বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। ইয়াৰ পিছেতেই ১৮ মাৰ্চ, ২০২০ ত ন্যায়াধীশ কে আৰ সুৰাণাৰ বিচাৰপীঠে ৪৯ টা ৰিট আবেদনৰ খাৰিজ কৰাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল ৪০ টা ইণ্ট্ৰা-ক'ৰ্ট আবেদন।
এই আবেদনৰ শুনানি গ্ৰহণ কৰি ২০ জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ে চূড়ান্ত ৰায় প্ৰদান কৰিছে। সেই অনুসৰি বৰ্খাস্ত হোৱা ৫২ গৰাকী বিষয়াক পুনৰ চাকৰিত মকৰল কৰাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। অৱশ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ৰায়ক দুৰ্ভাগ্যজনক আখ্যা দি ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলিও ঘোষণা কৰিছে।
ৰায়দানত কি কলে গুৱাহাটী উচ্চ ন্যায়ালয়ে
গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানিৰ সময়ছোৱাত আবেদনকাৰী আৰু চৰকাৰী পক্ষৰ যুক্তিৰ শুনি চূড়ান্ত সিদ্ধান্তত উপনীত হয়। এই ৰায়ত ন্যায়ালয়ে কয়, আবেদনকাৰীসকলৰ ক্ষেত্ৰত যিসকলৰ বিৰুদ্ধে চাকৰি বৰ্খাস্তৰ নিৰ্দেশ আছে সেই নিৰ্দেশ বাতিল কৰা হ’ল।
ন্যায়ালয়ে পূৰ্বে বৰ্খাস্ত হোৱা এইসকল ৰাজপত্ৰিত বিষয়াক পুনৰ চৰ্ত সাপেক্ষে নিযুক্তিৰ নিৰ্দেশ প্ৰদান কৰিছে। ন্যায়ালয়ে কয়, যিসকল আবেদনকাৰীয়ে তেওঁলোকৰ প্ৰাৰম্ভিক ২ বছৰৰ পৰীক্ষণকাল সম্পূৰ্ণ কৰিছে তেওঁলোকক Assam Civil Services Rules ৰ Rule 22(1), Assam Taxation Service Rules ৰ Rule 21(1), Assam Transport Services Rules ৰ Rule 21(1), আৰু Assam Labour Services Rules ৰ Rule 12 ৰ সংশ্লিষ্ট সেৱা বিধি অনুসৰি ৫০ দিনৰ ভিতৰত পুনৰ নিযুক্তি প্ৰদান কৰিব লাগিব।
যিসকল আবেদনকাৰীৰ পৰীক্ষণকাল (প্ৰাৰম্ভিক আৰু সৰ্বোচ্চ বঢ়াই দিব পৰা সময়সীমা ধৰি) সম্পূৰ্ণ হোৱা নাই সেইসকলৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই এই ৰায়ৰ নিৰ্দেশসমূহ আৰু সকলো প্ৰাসংগিক কাৰককে ধৰি যথোপযুক্ত বিবেচনাৰে ৫০ দিনৰ ভিতৰত এক সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব।
গোচৰটোৰ সৈতে সম্পৰ্কিত ৩০ ডিচেম্বৰ ২০১৭ আৰু ২০ জানুৱাৰী ২০১৮ ৰ জাননীসমূহক প্ৰাথমিকভাৱে অবৈধ আৰু void ab-initio বুলি ঘোষণা কৰা হৈছে। সেইসমূহ পুনঃ পৰীক্ষণ কৰিব নোৱাৰিব।
ন্যায়ালয়ে এই কথাও স্পষ্ট কৰি দিছে পুনৰ চাকৰিত যোগদানৰ নিৰ্দেশ দিলেও এইসকল ৰাজপত্ৰিত বিষয়াৰ ক্ষেত্ৰত চৰকাৰৰ বিভাগীয় শাস্তিমূলক পদক্ষেপ আৰম্ভ কৰাত বাধাৰ সৃষ্টি নকৰে। যদিহে তেওঁলোকৰ বিৰুদ্ধে বিভাগীয়ভাৱে তদন্ত কৰা হয় তেন্তে সেই প্ৰক্ৰিয়া ৯০ দিনৰ ভিতৰত সম্পন্ন কৰিব লাগিব।
পুনৰ নিযুক্তি লাভ কৰিলেও এই ৫২ গৰাকী বিষয়াই অৱশ্যে চাকৰি বৰ্খাস্ত হোৱাৰ দিনটোৰ পৰা পুনৰ নিযুক্তি লাভৰ দিনটোলৈকে দৰমহা লাভ নকৰিব। পেঞ্চনৰ সময়ত বৰ্খাস্তৰ এই সময়খিনিকো গণনা কৰিব নে নকৰিব সেয়া চৰকাৰক বিবেচনালৈ এৰি দিছে।
ন্যায়ালয়ে বৰ্খাস্ত হোৱা এই বিষয়াসকলক পুনৰ নিযুক্তিৰ ক্ষেত্ৰত এনে স্থানত নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ কৈছে যাতে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অপৰাধৰ গোচৰৰ সাক্ষীসকলক প্ৰভাৱিত কৰিব নোৱাৰে।
ন্যায়ালয়ে এই ৰায়ৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশ হ’ল যিসকল আবেদনকাৰীৰ পৰীক্ষণকাল সম্পূৰ্ণ হোৱা নাছিল সেইসকলক পুনৰ নিযুক্তি দিয়াৰ প্ৰয়োজন নাই। তেওঁলোকক বৰ্খাস্তৰ আদেশসমূহ সংশোধন কৰিবলৈয়ো ন্যায়ালয়ে নিৰ্দেশ দিছে যাতে তেওঁলোকৰ ওপৰত কোনো কলংক নাথাকে।
ন্যায়ালয়ে এই ৰায় কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক ৩০ দিনৰ সময়সীমাও নিৰ্ধাৰণ কৰি দিছে। যাতে চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পাৰে।
গোচৰটোৰ পটভূমি
ৰাজ্য কপাই যোৱা অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰিৰ এই গোচৰৰ বিৰুদ্ধে ২০১৬ ত ডিব্ৰুগড় থানা দাখিল হৈছিল এফ আই আৰ। ২০১৩ আৰু ২০১৪ চনৰ পৰীক্ষাত একাংশ প্ৰাৰ্থীয়ে জালিয়াতিৰে চাকৰি লাভ কৰাৰ অভিযোগেৰে ডিব্ৰুগড় আৰক্ষী থানাত দাখিল হোৱা এফ আই আৰৰ আধাৰত ৰুজু হোৱা সেই গোচৰটোৰ নম্বৰ ৯৩৬/২০১৬।
এই গোচৰৰ আধাৰতে আৰম্ভ হয় তদন্ত প্ৰক্ৰিয়া। অভিযোগ উঠিছিল এজন ব্যক্তিয়ে এপিএছচিৰ চাকৰিৰ বিনিময়ত ১০ লাখ টকাৰ ঘোচ বিচাৰিছিল। পৰৱৰ্তী সময়ত তদন্তত পোহৰলৈ আহে তদানীন্তন এ পি এছ চিৰ অধ্যক্ষ ৰাকেশ পালৰ নেতৃত্বত কিছু প্ৰাৰ্থী আৰু মধ্যভোগীৰ সৈতে মিলি জাল উত্তৰবহী ছপা কৰা, পৰীক্ষাৰ পিছত উত্তৰবহী পুনৰ লিখা, আৰু প্ৰাপ্ত নম্বৰৰ সালসলনি কৰাৰ দৰে অপৰাধমূলক কাৰ্যকলাপ সংঘটিত হৈছিল।
এই কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত ৬০ জন প্ৰাৰ্থীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। যাৰ ভিতৰত ৫২ জনে তেওঁলোকৰ বৰ্খাস্তকৰণৰ বিৰুদ্ধে ৰিট আবেদন দাখিল কৰিছিল। এই ৰিট আবেদনসমূহ ১৮ মাৰ্চ, ২০২০ তাৰিখে খাৰিজ হোৱাৰ পিছত ৪৭টা আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল।যাৰ ভিতৰত ৪০টা আবেদনৰ ওপৰত এই ৰায় দিয়া হৈছে।
আবেদনকাৰীৰ যুক্তি
চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ৰাজপত্ৰিত বিষয়াসকলৰ হৈ ন্যায়ালয়ত তেওঁলোকৰ অধিবক্তাই যিসমূহ যুক্তি প্ৰদৰ্শন কৰিছিল সেই যুক্তিসমূহৰল ভিতৰত অন্যতম শক্তিশালী যুক্তি আছিল আবেদনকাৰীৰ পৰীক্ষণকাল (প্ৰবেশন পিৰিয়ড) সম্পূৰ্ণ হৈছে। সেয়ে তেওঁলোকক নিয়মীয়া কৰ্মচাৰী হিচাপে গণ্য কৰা উচিত আছিল।
তেওঁলোকে ভাৰতীয় সংবিধানৰ ৩১১(২) অনুচ্ছেদৰ অধীনত সুৰক্ষাৰ দাবীও কৰে। সংবিধানৰ এই অনুচ্ছেদৰ অধীনত কৰ্মচাৰীক বৰ্খাস্তৰ পূৰ্বে শুনানিৰ সুযোগ প্ৰদানৰ কথা উল্লেখ আছে।
তেওঁলোকে দাবী কৰে যে, তেওঁলোকক কোনো শুনানিৰ সুযোগ নিদিয়াকৈ বৰ্খাস্ত কৰা হৈছিল। যি প্ৰাকৃতিক ন্যায়ৰ নীতিৰ লঙ্ঘন। কেৱল আৰক্ষীৰ তদন্তৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। যাৰ বাবে তেওঁলোকৰ হাতত পৰীক্ষা কৰাৰো কোনো সুযোগ নাছিল।
তাৰোপৰি তেওঁলোকে চাকৰি বৰ্খাস্তকৰণৰ ক্ষেত্ৰত বৈষম্যৰো অভিযোগ উত্থাপন কৰে। তেওঁলোকে কয়, তিনিজন প্ৰাৰ্থীক অনুমোদক (approver) হিচাপে গ্ৰহণ কৰি তেওঁলোকৰ চাকৰি বৰ্খাস্ত কৰা হোৱা নাছিল, যি বৈষম্যমূলক।
ৰাজ্য চৰকাৰৰ যুক্তি
গোটৰটোৰ শুনানিৰ সময়ত ৰাজ্য চৰকাৰৰ যুক্তি প্ৰদৰ্শন কৰি কয় যে, আবেদনকাৰীসকল পৰীক্ষণকালত (প্ৰবেশণ পিৰিয়ডত) আছিল।তেওঁলোকৰ নিযুক্তি নিয়মীয়া হোৱা নাছিল। সেৱা বিধি অনুসৰি, পৰীক্ষণকালৰ সময়ছোৱাত কৰ্মচাৰীক বৰ্খাস্ত কৰিব পাৰি।
তদন্তত পোহৰলৈ আহিছিল আবেদনকাৰীসকলে ঘোচ দি জালিয়াতিৰ জৰিয়তে চাকৰি লাভ কৰিছিল। এনে নিয়োগক void ab initio (প্ৰথমৰ পৰাই অকাৰ্যকৰ) বুলি গণ্য কৰা হয়। ন্যায়ালয়ত ৰাজ্য চৰাকৰে লগতে এই যুক্তিও দিয়ে যে, জনস্বাৰ্থৰ খাতিৰত এনে প্ৰাৰ্থীৰ চাকৰি বৰ্খাস্ত কৰা হৈছিল। তেওঁলোকৰ চাকৰি বৰ্খাস্ত কৰাৰ ক্ষেত্ৰত শুনানিৰ প্ৰয়োজন নাছিল কাৰণ তদন্তত প্ৰমাণিত হৈছিল যে তেওঁলোকৰ নিয়োগ সম্পূৰ্ণ অবৈধ।
অনুমোদক হিচাপে তিনিজন প্ৰাৰ্থীক গ্ৰহণ কৰাৰ প্ৰসংগত চৰকাৰে যুক্তি প্ৰদৰ্শন কৰি কয় যে, যি তিনিজন প্ৰাৰ্থীক অনুমোদক হিচাপে গ্ৰহণ কৰা হৈছিল তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছিল, যি আইনী প্ৰক্ৰিয়াৰ এক অংশ।