ডিজিটেল সংবাদ, ছয়দুৱাৰঃ বৃহস্পতিবাৰে ঘোষণা কৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জন কৰে গহপুৰ অঞ্চলৰ ৫ গৰাকীকৈ মেধাৱীয়ে । এই সাফল্যত আনন্দ প্ৰকাশ কৰে অঞ্চলটোৰ স্থানীয় ৰাইজে ।
গহপুৰ সমজিলাৰ বৰঙাবাৰীৰ বালিপুখুৰীৰ ৰুবু বৰাই অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অৰ্জন কৰিছে চমকপ্ৰদ সফলতা । পিতৃয়ে তামোল পানৰ দোকান দিয়ে, মাতৃ এগৰাকী সাধাৰণ গৃহিনী। বৃহস্পতিবাৰে ঘোষিত ফলাফলত তেওঁ এচিএছ শাখাত ১৪ নং স্থান দখল কৰি যোগ্যতা অৰ্জন কৰি বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
কাউৰীপথাৰৰ ৰাজেন আচাৰ্য্যও অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত বিশেষ সফলতা অৰ্জন কৰিছে। গহপুৰ সমজিলাৰ কাউৰীপথাৰৰ কাৰিবিল নেপালী গাঁৱৰ বেংক কৰ্মচাৰী হিচাপে কৰ্মৰত ৰাজেন আচাৰ্য্য। আজি ঘোষিত ফলাফলত এচিএছ পদৰ বাবে যোগ্যতা অৰ্জন কৰা ৰাজেন আচাৰ্য্যই যোৱাবাৰো উক্ত পৰীক্ষাত অবতীৰ্ণ হৈ গাণনিক বিষয়া পদৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।কিন্তু এগৰাকী এচিএছ বিষয়া হোৱাৰ সপোন পুহি ৰখা ৰাজেন আচাৰ্য্যই গাণনিক বিষয়াৰ পদত যোগদান নকৰি পুনৰ পৰীক্ষাত অৱতীৰ্ণ হৈ এইবাৰ আশা কৰা ধৰণে সফলতা অৰ্জন কৰে ।
ঠিক একেদৰে কলাবাৰীৰ নিৰঞ্জন ভূঞাই অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফলত অৰ্জন কৰে সফলতা । গহপুৰ সমজিলাৰ কলাবাৰীৰ কলিতাগাঁৱৰ মেধাৱী ছাত্র নিৰঞ্জন ভূঞাই এ পি এছ(অসম আৰক্ষী সেৱা) শাখাত ১৪ নং স্থান দখল কৰি কৃতিত্ব অৰ্জন কৰিছে।তেওঁৰ এই সাফল্যত আনন্দৰ লহৰ উঠিছে বৃহত্তৰ কলাবাৰী অঞ্চলত।
লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ আজি ঘোষিত চূড়ান্ত ফলাফলত সাফল্য অৰ্জন কৰি বৃহত্তৰ হেলেম অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে গহপুৰ সমজিলাৰ হেলেম মৌজাৰ অন্তৰ্গত চন্দামাৰীৰ মেধাৱী ছাত্ৰী বাসৱী বৰাই। ঘোষিত ফলাফলত গাণনিক বিষয়া পদৰ বাবে যোগ্যতা অৰ্জন কৰা বাসৱী বৰাৰ এই আশাপ্ৰদ সাফল্যৰ বাবে তেওঁক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছে অঞ্চলটোৰ শিক্ষানুৰাগী ৰাইজে। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত প্ৰথম বাৰতে অবতীৰ্ণ হৈ আশাপ্ৰদ সফলতা লাভ কৰা বাসৱী বৰাৰ এই সাফল্যৰ আঁৰত আছে তেওঁৰ মাতৃ তথা আনন্দ চন্দ্ৰ আগৰৱালা ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ স্নাতকোত্তৰ শিক্ষয়িত্ৰী জুলি হাজৰিকাৰ সাহস আৰু অনুপ্ৰেৰণা।
টকৌবাৰীৰ বালিগাঁৱৰ শিখা বস্নেতও আজি ঘোষিত ফলাফলত লাভ কৰে সফলতা । অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ঘোষিত ফলাফলত সাফল্য অৰ্জন কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে গহপুৰ সমজিলাৰ টকৌবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বালিগাঁৱৰ মেধাৱী ছাত্ৰী শিখা বস্নেতে। তেওঁ গাণনিক বিষয়া পদৰ বাবে যোগ্যতা অৰ্জন কৰিছে।