APSC ৰ ফলাফলঃ অসম বিত্তীয় সেৱাত প্ৰথম স্থান হোজাইৰ প্ৰাৰ্থপ্ৰতিম বৰাৰ

বৃহস্পতিবাৰে ঘোষণা হোৱা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰি হোজাই জিলাৰ বৃহত্তৰ কাকী গ্ৰামাঞ্চললৈ গৌৰৱ কঢ়িয়ালে পাৰ্থ প্ৰতিম বৰাই। প্ৰাৰ্থপ্ৰতিম বৰাই অসম বিত্তীয় সেৱাত লাভ কৰে প্ৰথম স্থান।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,লংকাঃ বৃহস্পতিবাৰে ঘোষণা হোৱা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰি হোজাই জিলাৰ বৃহত্তৰ কাকী গ্ৰামাঞ্চললৈ গৌৰৱ কঢ়িয়ালে পাৰ্থ প্ৰতিম বৰাই। প্ৰাৰ্থপ্ৰতিম বৰাই অসম বিত্তীয় সেৱাত লাভ কৰে প্ৰথম স্থান।

অৱসৰপ্ৰাপ্ত শিক্ষক পিতৃ ললীত চন্দ্ৰ বৰা আৰু গীতাঞ্জলী বৰাৰ কনিষ্ঠ পুত্ৰ পাৰ্থপ্ৰতিম বৰাৰ এই সফলতাত উৎফুল্লিত পিতৃ-মাতৃৰ লগতে কাকীৰ শিক্ষক সমাজ আৰু স্হানীয় ৰাইজ।

উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হবৰ বাবে অনলাইন মাধ্যমেৰে শিক্ষাগ্ৰহণ কৰিছিল পাৰ্থ প্ৰতিম বৰাই। নিজৰ অধ্যাৱসায় আৰু একাগ্রতা থাকিলে যে নিজৰ জীৱনত সফলতাৰে আগবাঢ়িব পাৰে পাৰ্থপ্ৰতিম বৰা তাৰেই প্ৰমাণ।

২০২১ চনৰ পিছত দুবাৰকৈ এই পৰীক্ষাত বিফল হৈছিল পাৰ্থপ্ৰতিম বৰা । এই বৰ্ষত নিজৰ কষ্ট আৰু একাগ্রতাৰ বলত পৰীক্ষাত উৰ্ত্তীণ হয় পাৰ্থ প্ৰতিম বৰা।

apscresult apsc