ডিজিটেল ডেস্কঃ অসম লোকসেৱা আয়োগৰ ২০২৩বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় বৃহস্পতিবাৰে। এই পৰীক্ষাত শীৰ্ষ স্থান দখল কৰে চিৰঞ্জীৱ ফুকনে। দ্বিতীয় স্থানত এনিশা বুঢ়াগোহাঁই আৰু তৃতীয় স্থান দখল কৰে হিমাদ্ৰীজিতা বৰাই। অসম চিভিল চাৰ্ভিছত মুঠ ৪৫গৰাকী প্ৰাৰ্থী উৰ্ত্তীণ হোৱা বিপৰীতে অসম আৰক্ষী সেৱাত ৩৫গৰাকী প্ৰাৰ্থীয়ে সফলতা লাভ কৰে।
অসম আৰক্ষী সেৱাত প্ৰথম স্থানত পাৰ্থ প্ৰতীম শৰ্মা, দ্বিতীয় স্থানত এনেশা দুৱৰা আৰু তৃতীয় স্থানত উৰ্ত্তীণ হয় বিজয় আহমেদ। আচাম ফাইনেন্স চাৰ্ভিছত উৰ্ত্তীণ হয় ১৩গৰাকী প্ৰাৰ্থী। প্ৰথম স্থানত পাৰ্থ প্ৰতীম বৰা, দ্বিতীয় স্থানত ঋষীকেশ বৰা আৰু তৃতীয় স্থানত উৰ্ত্তীণ হয় লক্ষীকুমাৰ কলিতা।
২০২৩বৰ্ষত সহকাৰী একাউন্ট অফিচাৰ হিচাপে উৰ্ত্তীণ হয় ৭৪গৰাকীকৈ প্ৰাৰ্থী।