APSC উত্তীৰ্ণ ৭ গৰাকীক গহপুৰত অনুপ্ৰেৰণামূলক শৈক্ষিক বঁটা প্ৰদান

শংকৰদেৱ শিক্ষা নিকেতনৰ অধ্যক্ষ জয়ন্ত শইকীয়াই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰি বিদ্যালয়খনৰ অধ্যক্ষ উদয় আদিত্য গোস্বামীয়ে আদৰণি ভাষণত কয় যে এপিএছচিৰ সংস্কাৰৰ ফলত উপযুক্ত প্ৰাৰ্থীয়ে উপযুক্ত স্থান দখল কৰিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, ছয়দুৱাৰ: প্ৰতিষ্ঠাৰ পাঁচটা বছৰৰ ভিতৰতে উত্তৰ অসমৰ শৈক্ষিক ক্ষেত্ৰত এক নতুন শৈক্ষিক জাগৰণ আনিবলৈ সক্ষম হোৱা শংকৰদেৱ শিক্ষা নিকেতন, গহপুৰে এপিএছচি উত্তীৰ্ণ বিশ্বনাথ জিলাৰ ৭ গৰাকী কৃতীমানক আজি প্ৰদান কৰে উৎসাৱানন্দ দেৱ গোস্বামী অনুপ্ৰেৰণামূলক শৈক্ষিক বঁটা। সেই উপলক্ষে শংকৰদেৱ শিক্ষা নিকেতনৰ কাঞ্চনপ্ৰভা প্ৰেক্ষাগৃহত আজি দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হয় এক গাম্ভীৰ্য্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠান।

Advertisment

সদ্য ঘোষিত অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত এচিএছ শাখাত ১৪ নং স্থান দখল কৰা বৰঙাবাৰীৰ বালিপুখুৰীৰ ৰুবু বৰা, ৪২ নং স্থান দখল কৰা কাউৰীপথাৰৰ ৰাজেন কুমাৰ আচাৰ্য্য, এপিএছ শাখাত ১৪ নং স্থান দখল কৰা কলাবাৰী কলিতাগাঁৱৰ নিৰঞ্জন ভূঞা,  বিডিঅ' শাখাত প্ৰথম স্থান লাভ কৰা বৰগাঙ গাংমৌথানৰ নিখিল অধিকাৰী, সহকাৰী গাণনিক বিষয়া পদৰ বাবে যোগ্যতা লাভ কৰা বিশ্বনাথ চাৰিআলি পানী ভড়ালৰ মণিষ চুবেদী(১৪ নং স্থান),গহপুৰ চন্দামাৰীৰ বাসৱী বৰা(৮২নং স্থান) আৰু  টকৌবাৰী বালিগাঁৱৰ শিখা বস্নেত(৮৭ নং স্থান)ক এখন ফুলাম গামোচা, এখন অভিনন্দন পত্ৰ আৰু নগদ ৫ হাজাৰ টকাকৈ উৎসৱানন্দ দেৱ গোস্বামী অনুপ্ৰেৰণামূলক শৈক্ষিক বঁটা প্ৰদান কৰা হয়।

বঁটা গ্ৰহণ কৰি দিয়া চমু ভাষণত প্ৰতিগৰাকী বঁটা প্ৰাপকে যি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অবতীৰ্ণ হোৱাৰ বাবে নিয়মীয়াকৈ বাতৰি কাকত পঢ়িবলৈ শিক্ষাৰ্থী সকলক পৰামৰ্শ দি কয় যে ইউ পি এছ চি বা এপিএছচি পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰাৰ সময়ত এখন বাতৰি কাকতৰ পৰা বৰ্তমান পৰিস্থিতিৰ বহু নতুন নতুন সমল পোৱা যায়।লগতে এনেধৰণৰ পৰীক্ষাত অবতীৰ্ণ হোৱাৰ ক্ষেত্ৰত কঠোৰ অধ্যৱসায়,একাণপটীয়া প্ৰচেষ্টা আৰু খৰছি মাৰি পঢ়িব পৰাৰ দক্ষতা থাকিব লাগিব বুলি তেওঁলোকে উল্লেখ কৰে।ইপিনে চৰম আৰ্থিক দৈন্যতাৰ মাজেৰে শৈক্ষিক যুজঁ অব্যাহত ৰাখি এচিএচ পদৰ বাবে যোগ্যতা অৰ্জন কৰা ৰুবু বৰাই কয় যে নিজৰ দক্ষতা থাকিলে আৰ্থিক দৈন্যতা কেতিয়াও অধ্যয়নৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে।

তেওঁৰ শৈক্ষিক যাত্ৰাত যথেষ্ট পৰিমাণে সহায়ৰ হাত আগবঢ়োৱা লখিমপুৰৰ ব্ৰহ্মপুত্ৰ ভেলি একাডেমিৰ পৰিচালন সঞ্চালক ৰাহুল বৰা আৰু গহপুৰ প্ৰতিষ্ঠিত উদ্যোগপতি তথা শংকৰদেৱ শিক্ষা নিকেতনৰ সভাপতি উদয় আদিত্য গোস্বামীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ।

শংকৰদেৱ শিক্ষা নিকেতনৰ অধ্যক্ষ জয়ন্ত শইকীয়াই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰি বিদ্যালয়খনৰ অধ্যক্ষ উদয় আদিত্য গোস্বামীয়ে আদৰণি ভাষণত কয় যে এপিএছচিৰ সংস্কাৰৰ ফলত উপযুক্ত প্ৰাৰ্থীয়ে উপযুক্ত স্থান দখল কৰিবলৈ সক্ষম হৈছে।গাঁৱৰ মেধা শক্তিয়েও পোন ৰাস্তাৰে এতিয়া নিজৰ দক্ষতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে।ৰুবু বৰাৰ দৰে ছাত্র আজি জুয়ে পোৰা সোণৰ দৰে জিলিকি উঠিছে বুলি উল্লেখ কৰে তেওঁ।

শংকৰদেৱ শিক্ষা নিকেতনৰ মুখ্য পৃষ্ঠপোষক স্বৰ্ণপ্ৰভা গোস্বামীৰ বন্তি প্ৰজ্বলন আৰু কেইগৰাকীমান ছাত্ৰীয়ে পৰিৱেশন কৰা গুৰু ভটিমাৰ দ্বাৰা আৰম্ভ কৰা বঁটা প্ৰদান অনুষ্ঠানটোত ডিপৰা হাইস্কুলৰ প্ৰধান শিক্ষক ৰূপম হাজৰিকা,অৱসৰপ্ৰাপ্ত কৰ বিষয়া খগেন শৰ্মা, ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰদীপ দত্ত,বিশিষ্ট সমাজকৰ্মী সিদ্ধেশ্বৰ হাজৰিকা,বিমল ভূঞা, মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক যাদৱ চলিহা,যোগেন্দ্ৰ কলিতা সোঁৱৰণি শংকৰদেৱ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ অমৰেন্দ্ৰ কলিতা, দেৱব্ৰত ভূঞা সোঁৱৰণি মহাবিদ্যালয়ৰ অধ্যক্ষ ড: বীৰেণ ভূঞা, আনন্দ চন্দ্ৰ আগৰৱালা ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ স্নাতকোত্তৰ শিক্ষয়িত্ৰী জুলি হাজৰিকা আদি উপস্থিত থাকে।

apsc