শিক্ষা বিভাগৰ বহুকেইটা গুৰুত্বপূৰ্ণ পদবীৰ বাবে এ পি এছ চিয়ে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল ঘোষণা...

শিক্ষা বিভাগৰ বহুকেইটা গুৰুত্বপূৰ্ণ পদবীৰ বাবে এ পি এছ চিয়ে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল ঘোষণা...

author-image
Asomiya Pratidin
New Update
শিক্ষা বিভাগৰ বহুকেইটা গুৰুত্বপূৰ্ণ পদবীৰ বাবে এ পি এছ চিয়ে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল ঘোষণা...

ডিজিটেল ডেস্কঃ অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা বিদ্যালয়ৰ পৰিদৰ্শক, জিলা শিক্ষা বিষয়া আৰু অসম শিক্ষা সেৱাৰ উপ সঞ্চালক পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষা ফলাফল ঘোষণা কৰিছে। ১জুলাই, ২০২৪ত প্ৰকাশ কৰা এই ফলাফলত ১২গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। ১২ডিচেম্বৰ ২০২৩ত অনুষ্ঠিত হোৱা এই পৰীক্ষাৰ ফলাফল মেধাৰ ভিত্তিত ঘোষণা কৰিছে অসম লোকসেৱা আয়োগে।

Advertisment

এই পৰীক্ষাত অপেন কেটেগৰী শাখাত উত্তীৰ্ণ হৈছে ৬গৰাকী প্ৰাৰ্থী। তেওঁলোক হৈছে অজিত কুমাৰ শৰ্মা, মহম্মদ জেহেৰুল ইছলাম, চিন্ময় হাজৰিকা, তাপস দত্ত, নৰ্মদা চেতিয়া আৰু ৰঞ্জন কুমাৰ ডেকা।

ইফালে ৰিৰ্জাভ শাখাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকল হৈছে, লিপিকা বুঢ়াগোহাঁই, হেমগিৰি নৰহ, গণেশ হৰিজন,নীলম জ্যোতি দাস, পল্লৱী মেধি আৰু পিংকী হাজৰিকা। এই ৰিজাল্ট অসম লোকসেৱা আয়োগৰ অফিচিয়ে ৱেবচাইট www.apsc.nic.inত প্ৰকাশ কৰা হৈছে।

শিক্ষা বিভাগ অসম লোকসেৱা আয়োগৰ পৰীক্ষা