/asomiyapratidin/media/media_files/2024/12/05/JhABmZscdf31Da7rFzJo.jpg)
ডিজিটেল সংবাদঃ আজি ঘোষণা কৰা অসম লোকসভা আয়োগৰ পৰীক্ষাত শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতিপুল কমাৰচুক ডিব্ৰুৱাল গাঁৱৰ ৰণদীপ গগৈয়ে ১৯ সংখ্যক স্থান দখল কৰি বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা দিলিপ গগৈ আৰু শিক্ষয়িত্ৰী গিতালী গগৈৰ জেষ্ঠ পুত্ৰ ৰণদীপ গগৈ। ৰণদীপৰ এই কৃতিত্বৰ খবৰ পোৱা পাছতে স্বাভাৱিকতে আৱেগিক হৈ পৰে তেওঁৰ পৰিয়াল।
সমান্তৰালকৈ নিজ নিজ অঞ্চল তথা জিলাৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াইছে ধেমাজি জিলাৰ অন্তৰ্গত কল্যানজ্যোতি, চন্দ্ৰজ্যোতি,মিঠুৰাজ আৰু দীপাংকৰে। অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত অসামৰিক বিভাগত প্ৰতিভাৱান যুৱক কল্যাণজ্যোতি চুতীয়াই দ্বাবিংশ স্থান লাভেৰে ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
ধেমাজিৰ চৌখাম গাঁৱৰ বাসিন্দা তথা মাটিখোলা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক ও ৰাজ্যিক কৃৰ্তী শিক্ষক বটাঁ প্ৰাপক গকুল চুতীয়া আৰু যোগেশ গোহাঁই উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী অঞ্জলী চুতীয়াৰ একমাত্ৰ পুত্ৰ কল্যাণজ্যোতি চুতীয়াই ২০১০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৭ সংখ্যক স্থান লাভ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল ৷
পৰৱৰ্তী সময়ত শিলচৰৰ এনআইটিৰ পৰা মেকানিকেল অভিযন্ত্ৰা হিচাপে সফলতাৰে উত্তীৰ্ণ হৈ ২০১৬ চনৰ পৰা হিন্দুস্তান পেট্ৰলিয়ামৰ আঞ্চলিক প্ৰৱন্ধক হিচাপে কৰ্মৰত আছিল ৷ উল্লেখ্য যে অত্যন্ত মেধাসম্পন্ন কল্যাণজ্যোতি চুতীয়াই ২০০৪ চনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিশু বিজ্ঞানী হিচাপে স্বীকৃতি লাভ কৰিছিল ৷ ছাত্ৰাৱস্থাতে কল্যাণজ্যোতি চুতীয়াই পূৰণৰ সহজ পদ্ধতি উদ্ভাৱন কৰি সমগ্ৰ অসমত এক খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ৷
ইয়াৰ উপৰিও শিশু বিজ্ঞানী হিচাপে কল্যাণজ্যোতিয়ে ২০০৫ চনত “নমিনেশ্বন ফৰ নেচাৰেল চাইল্ড এৱাৰ্ড ফৰ এক্সচেপচ'নেল এচিভমেন্টৰ বাবে নিৰ্বাচিত হৈছিল ৷ একেদৰে অসম বিত্তীয় সেৱাত ধেমাজি ৰূপ নগৰ নিবাসী ফনীন্দ্ৰ কুমাৰ বনিয়া আৰু মাতৃ দিপালী শইকীয়া বনিয়াৰ পুত্ৰ চন্দ্ৰজ্যোতি বনিয়াই অষ্টম স্থান লাভ কৰে ৷
মেধাসম্পন্ন চন্দ্ৰজ্যোতিয়ে ২০১৫ চনত ধেমাজি বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমী পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ কটন বিশ্ববিদ্যালয়ৰ পৰা ২০২২ চনত ভূ-তত্ব বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷
উল্লেখ্য যে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা এছৰৰ পিছতেই ঘৰতে বহি নাথাকি শিক্ষিত নিবনুৱা চন্দ্ৰজ্যোতিয়ে ধেমাজি কাছাৰী ময়দানৰ সন্মুখতে এখনি ফাষ্টফুৰ্টৰ দোকান "খকুৱা" খোলে। ঘুমটি দোকানেৰে
জনপ্ৰিয় হোৱা চন্দ্ৰজ্যোতি বনিয়া শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে স্বাৱলম্বিতাৰ পথ প্ৰদৰ্শক হিচাপে আগবাঢ়ি অহা শিক্ষিত নিবনুৱা যুৱক আছিল ৷
ইফালে ধেমাজি ৰূপ নগৰৰ নিবাসী পিতৃ পানিৰাম সোনোৱাল আৰু মাতৃ অঞ্জলী সোনোৱালৰ পুত্ৰ দীপাংকৰ সোনোৱাল আৰু ধেমাজি নগৰৰ খুৱলীয়া গাওঁৰ পিতৃ গনেশ বৰগোহাঁই আৰু মাতৃ আইভি লাহন বৰগোহাঁইৰ পুত্ৰ মিঠুৰাজ বৰগোঁহাইয়ে সহকাৰী গাণনিক বিষয়া হিচাপে লাভ কৰিবলৈ সক্ষম হৈছে ৷ আজি ঘোষিত এই ফলাফলক লৈ গৌৰৱান্বিত হৈ পৰিছে ধেমাজিবাসী ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us