গৌতম বুদ্ধ নগৰৰ ইলেক্ট্ৰনিকছ মেনুফেকচাৰিং ক্লাষ্টাৰৰ বাবে ৪১৭ কোটি টকাৰ অনুমোদন

উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰৰ ইলেক্ট্ৰনিকছ মেনুফেকচাৰিং ক্লাষ্টাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে জনাইছে  অনুমোদন। এই প্ৰকল্পৰ বাবে চৰকাৰে ৪১৭ কোটি টকা ধাৰ্য কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰৰ ইলেক্ট্ৰনিকছ মেনুফেকচাৰিং ক্লাষ্টাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে জনাইছে  অনুমোদন। এই প্ৰকল্পৰ বাবে চৰকাৰে ৪১৭ কোটি টকা ধাৰ্য কৰিছে। বুধবাৰে এই কথা সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ৰাজ্যিক মন্ত্ৰী জিতীন প্ৰসাদে।

Advertisment

উল্লেখযোগ্য যে, স্থায়ী উৎপাদন আৰু উদ্ভাৱনক উন্নীত কৰাৰ লক্ষ্যৰে গৌতম বুদ্ধ নগৰৰ এই প্ৰকল্পৰ বাবে কেন্দ্ৰই এই ধনৰাশি ধাৰ্য কৰিছে। এই সন্দৰ্ভত অনুষ্ঠিত এক বৈঠকত দুয়োগৰাকী মন্ত্ৰী আৰু বিষয়ববীয়াসকলে এক সুস্থ আলোচনাতো মিলিত হয়। প্ৰকল্পটো ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীদ্বয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, গৌতম বুদ্ধ নগৰৰ এই প্ৰকল্পটো ২০০ একৰ এলেকাজুৰি নিৰ্মাণ কৰা হৈছে। তাৰোপৰি এই প্ৰকল্পই বিনিয়োগকাৰীসকলক আকৰ্ষণ কৰাৰ বাবে কেতবোৰ পৰিকাঠামো প্ৰস্তুত কৰাৰ কথা অৱগত কৰে।

আনহাতে এই প্ৰকল্পত সৃষ্টি হ’ব ভালেসংখ্যক পদৰ। নিবনুৱাসকলে লাভ কৰিব নিয়োগৰ সুবিধা।

Ashwini Vaishnaw