Advertisment

পি এল আই আঁচনিৰ অধীনত ৩,৫১৬ কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱত অনুমোদন কেন্দ্ৰৰ

এয়াৰ কণ্ডিচনাৰ চমুকৈ এ চি আৰু লাইট-ইমিটিং ডাইঅ’ড চমুকৈ এল ই ডিকে ধৰি বগা সামগ্ৰীৰ পি এল আই আঁচনিৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে দেশৰ কুৰিটাৰো অধিক কোম্পানীয়ে। এই আঁচনিৰ অধীনত চলা তৃতীয় ৰাউণ্ডৰ আবেদনত দেশৰ ২৪টা কোম্পানীয়ে ৩,৫১৬ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনাইছে

author-image
Asomiya Pratidin
New Update
কেন্দ্ৰৰ পি এল আই আঁচনিৰ অধীনত ৩,৫১৬ কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱত অনুমোদন

কেন্দ্ৰৰ পি এল আই আঁচনিৰ অধীনত ৩,৫১৬ কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱত অনুমোদন

ডিজিটেল ডেস্ক : এয়াৰ কণ্ডিচনাৰ চমুকৈ এ চি আৰু লাইট-ইমিটিং ডাইঅ’ড চমুকৈ এল ই ডিকে ধৰি বগা সামগ্ৰীৰ পি এল আই আঁচনিৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে দেশৰ কুৰিটাৰো অধিক কোম্পানীয়ে। এই আঁচনিৰ অধীনত চলা তৃতীয় ৰাউণ্ডৰ আবেদনত দেশৰ ২৪টা কোম্পানীয়ে ৩,৫১৬ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই কথা সদৰী কৰিছে উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰসাৰ প্ৰতিষ্ঠানে। 

Advertisment

উল্লেখযোগ্য যে ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২,২৯৯ কোটি টকাৰ প্ৰতিশ্ৰুতিবদ্ধ বিনিয়োগেৰে ১৮টা কোম্পানী বাছি লৈছিল। তাৰ ভিতৰত ১০টা এ চি কম্পোনেণ্ট নিৰ্মাতা আৰু ৭টা এল ই ডি লাইট নিৰ্মাতা। ১৮টা নিৰ্বাচিত কোম্পানীসমূহৰ ভিতৰত আছে ভল্টাছ, এম আই আৰ চি ইলেক্ট্ৰনিক্স, আৰু লুমেক্স ইণ্ডাষ্ট্ৰীজৰ দৰে কোম্পানী।
 

ইয়াৰ উপৰি বৰ্তমানৰ পি এল আই হিতাধিকাৰীকে ধৰি ৬জন আবেদনকাৰীক উচ্চ বিনিয়োগ শ্ৰেণীলৈ উন্নীত কৰিবলৈ সাময়িকভাৱে নিৰ্বাচিত কৰা হৈছে। এই ছয়টা কোম্পানীয়ে ১,২১৭ কোটি টকাৰ অতিৰিক্ত বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে। এই ৬টাৰ ভিতৰত আছে হিণ্ডালকো ইণ্ডাষ্ট্ৰীজ, এল জি ইলেক্ট্ৰনিক্স ইণ্ডিয়া, আৰু ব্লু ষ্টাৰ ক্লাইমেটেক।


এই সন্দৰ্ভত উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰসাৰ প্ৰতিষ্ঠানে জনাই যে এই আঁচনিত অংশগ্ৰহণ কৰা ৮৪টা কোম্পানীয়ে ১০,৪৭৮ কোটি টকাৰ বিনিয়োগ আনিব বুলি আশা কৰা হৈছে। যাৰ ফলত ১,৭২,৬৬৩ কোটি টকাৰ উৎপাদন হ’ব।

আনহাতে বগা সামগ্ৰীৰ বাবে পি এল আই আঁচনিৰ লক্ষ্য হৈছে ভাৰতৰ এ চি আৰু এল ই ডি লাইট উদ্যোগৰ বাবে এক সম্পূৰ্ণ উপাদান পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰা। তাৰোপৰি দেশক বিশ্বব্যাপী যোগান শৃংখলৰ সৈতে একত্ৰিত কৰা।

economy