/asomiyapratidin/media/media_files/2025/06/19/202-2025-06-19-18-46-18.jpg)
ডিজিটেল ডেস্ক : আসন্ন ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু অধিক শক্তিশালীত কৰাত গুৰুত্ব প্ৰদান কৰিছে দলটোৱে। দলটোৰ শেহতীয়া কাৰ্যকলাপ, কাম- কাজ আদিৰ খতিয়ান সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দি নতুনকৈ নিযুক্তি দিছে অধ্যক্ষ আৰু সহঃঅধ্যক্ষ।
উল্লেখযোগ্য যে, ১৯ জুন ২০২৫ বৃহস্পতিবাৰে দলটোৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল স্বাক্ষৰিত এক বিবৃতিযোগে এই কথা ৰাজহুৱা কৰে। বিবৃতিত উল্লেখ কৰা অনুসৰি অনতি বিলম্বে কাৰ্যকৰী হোৱাকৈ অসম প্ৰদেশ কংগ্ৰেছৰ ছ’চিয়েল মিডিয়াৰ অধ্যক্ষ হিচাপে প্ৰফুল্ল দাসক নিযুক্তি প্ৰদান কৰিছে। একেদৰে সহঃঅধ্যক্ষ হিচাপে প্ৰতীক বৰদলৈক নিযুক্তি দিছে।