/asomiyapratidin/media/media_files/2025/12/15/1-2025-12-15-13-34-40.jpg)
ডিজিটেল ডেস্কঃ অসম বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে আজি নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াৰ নাম ঘোষণা কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই এই নিৰ্বাচনৰ বাবে নিৰ্বাচন প্ৰভাৰী আৰু সহ-প্ৰভাৰী নিযুক্তি দিছে।
ৰাষ্ট্ৰীয় উপ-সভাপতি,সাংসদ বৈজয়ন্ত পাণ্ডাক নিৰ্বাচন প্ৰভাৰী হিচাপে নিযুক্তি প্ৰদানৰ লগতে জম্মু আৰু কাশ্মীৰ বিধানসভাৰ বিৰোধী দলৰ নেতা, বিধায়ক সুনীল কুমাৰ শৰ্মা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দৰ্শনা বেন জাৰ্দোশক নিৰ্বাচন সহ-প্ৰভাৰীৰ নিযুক্তি প্ৰদান কৰা হয়।
বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে স্বাক্ষৰ কৰা পত্ৰখনত জনোৱা অনুসৰি, এই নিযুক্তি তৎক্ষণাত কাৰ্যকৰী হ'ব। ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত জম্মু আৰু কাশ্মীৰৰ জ্যেষ্ঠ নেতা সুনীল কুমাৰ শৰ্মা আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী দৰ্শনা বেন জাৰ্দোশে অসমৰ নিৰ্বাচনী যুঁজৰ ৰণনীতি প্ৰস্তুত কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us