ভাল খবৰ : ৰাজ্যত ৫,৫৫০ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান

ভাল খবৰ। ৰাজ্যত পুনৰ শিক্ষক নিযুক্তি দিয়া হৈছে। মেধা আৰু দক্ষতা ভিত্তিক টেট উত্তীৰ্ণ ৫,৫৫০ গৰাকী প্ৰাৰ্থীক ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে দেওবাৰে নিযুক্তি পত্ৰ বিতৰণ কৰে। 

author-image
Asomiya Pratidin
New Update
174

ডিজিটেল ডেস্ক : ভাল খবৰ। ৰাজ্যত পুনৰ শিক্ষক নিযুক্তি দিয়া হৈছে। মেধা আৰু দক্ষতা ভিত্তিক টেট উত্তীৰ্ণ ৫,৫৫০ গৰাকী প্ৰাৰ্থীক ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে দেওবাৰে নিযুক্তি পত্ৰ বিতৰণ কৰে। লগতে এই অনুষ্ঠানতে 'শিক্ষক সমল পেকেজ'ৰ অধীনত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত আৰু 'আৰোহণ আঁচনি'ৰ অধীনত ছাত্র-ছাত্রীসকলক টেবলেট প্রদানৰো শুভাৰম্ভ কৰা হয়।

এল পি আৰু ইউ পি পৰ্যায়ৰ এই নতুন শিক্ষকসকলক খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিযুক্তি পত্ৰ প্ৰদান কৰে। নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- আমি বিজেপি চৰকাৰে জনাইছিলো যে আমি ১ লাখ যুৱক- যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিম। মোৰ আগত ৰাজ্যৰ ১৪গৰাকী মুখ্যমন্ত্ৰী আছিল। সকলোৱে নিজ নিজ ক্ষমতা অনুসৰি ৰাজ্যখনত সেৱা কৰিবলৈ যত্ন কৰিছিল। আৰু যদি নিযুক্তিৰ ফালে আমি চাওঁ- কোনো এখন চৰকাৰৰ কাৰ্যকালতে ২০/২৫ হাজাৰতকৈ অধিক নিযুক্তি হোৱা নাছিল। 

লগতে কয়- নিযুক্তি হোৱাৰ পাছত বহুতে দৰমহাও নাপাইছিল। কাৰণ প্ৰতিটো নিযুক্তিতে দুৰ্নীতি হৈছিল, আদালতত গোচৰ হৈছিল আৰু চৰকাৰী চাকৰি হিচাপে চাকৰি জীৱনৰ স্থিৰতা পাবলৈ বহুখিনি সময় লাগিছিল। 

“অন্ততঃ ৮০ৰ দশকৰ পৰা মই যিধৰণে চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া দেখি আহিছিলো, ই এটা যথেষ্ট জটিল প্ৰক্ৰিয়া আছিল আৰু ৰাজনৈতিক দৃষ্টিভংগীৰে চৰকাৰী চাকৰি দিয়াৰ কাৰণে ই আদালতৰ গোচৰ আৰু প্ৰশাসনিক অসুবিধাৰ মাজেৰে স্থিৰতা পাবলৈ সক্ষম হোৱা নাছিল“ বুলি অনুষ্ঠানত মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।    

উল্লেখযোগ্য যে, আজি ৩,৮০০গৰাকী প্ৰাৰ্থীক নিম্ন প্ৰাথমিক শিক্ষক হিচাপে আৰু ১,৭৫০গৰাকীক উচ্চ প্ৰাথমিক শিক্ষক হিচাপে নিযুক্তি দিয়ে ৰাজ্য চৰকাৰে। আৰু ইয়াৰ লগে লগে চলিত কাৰ্যকালত ৰাজ্য চৰকাৰে প্ৰদান কৰা চৰকাৰী নিয়োগৰ সংখ্যা ১,২৬,৭৯৩ লৈ বৃদ্ধি পোৱা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। 

ইফালে ভিন্ন কাৰণত প্রায় ২ বছৰ এই শিক্ষক নিযুক্তি প্ৰক্ৰিয়া বন্ধ হৈ আছিল যদিও চলিত বৰ্ষৰ মাৰ্চৰ পৰা পুনৰ অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ হৈছে। স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবেও ইতিমধ্যে চূড়ান্ত বাছনি প্রক্রিয়া সম্পন্ন হৈছে বুলি শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে জানিবলৈ দিছে। 

আজিৰ এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগু, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, মিচিং স্বায়ত্বশাসিত পৰিষদৰ চি ই এম পৰমানন্দ চাৰেঙীয়া, নাৰায়ণ কোঁৱৰ, সঞ্জয় দত্তৰ লগতে কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে। একেদৰে প্ৰাৰ্থীসকলৰ লগতে অভিভাৱক- অভিভাৱিকাসকলো উপস্থিত থাকে।

নিযুক্তি পত্ৰ বিতৰণ Dr. Himanta Biswa Sarma