/asomiyapratidin/media/media_files/2025/02/11/zPNoVDjiLukZVNalbi0N.jpg)
অসমৰ ৰাজ্যিক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বাবে 93 জন সহকাৰী অধ্যাপকলৈ নিযুক্তি পত্ৰ
ডিজিটেল ডেস্ক : সোমবাৰে মহানগৰীৰ খানাপাৰাত নিযুক্তিপত্ৰ বিতৰণৰ এক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত ৰাজ্যৰ ৯৩গৰাকী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকক নিযুক্তিপত্ৰ বিতৰণ কৰা হয়। অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত উচ্চ শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত নিযুক্তিপত্ৰ বিতৰণ কৰে শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে।
/asomiyapratidin/media/media_files/2025/02/11/NzeLaTEo5t6vy0ZDV9Yv.jpg)
উক্ত অনুষ্ঠানত ভাষণ দি মন্ত্ৰী পেগুৱে কয়- অসম চৰকাৰে ১ লাখ চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল। আমি সেই লক্ষ্য অতিক্ৰম কৰিছো, বিভিন্ন বিভাগত ১,১৫,০০০ নিযুক্তি সম্পূৰ্ণ কৰিছো। আজি আমি উচ্চ শিক্ষা বিভাগৰ অধীনস্থ ৰাজ্যিক অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপকসকলক নিযুক্তি পত্ৰ বিতৰণ কৰিছো।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই নিযুক্তিসমূহত পলম হোৱাৰ কাৰণ হৈছে- আইনী প্ৰক্ৰিয়া। যিবোৰ এতিয়া সমাধান কৰা হৈছে, যাৰ ফলত নিযুক্তি প্ৰক্ৰিয়াটো সুচাৰুৰূপে আগবাঢ়িব পৰা গৈছে। এই নিযুক্তিসমূহ আদালতত বিচাৰাধীন হৈ থকাৰ বাবে পলম হৈছিল। এতিয়া সকলো বাধা দূৰ হোৱাৰ পিছত আমি নিযুক্তি পত্ৰ সফলতাৰে বিতৰণ কৰিব পাৰিছো।
/asomiyapratidin/media/media_files/2025/02/11/NvDjjmOTn0lALNzD4Off.jpg)
উল্লেখযোগ্য যে সহকাৰী অধ্যাপক নিযুক্তিৰ উপৰিও মন্ত্ৰী পেগুৱে ৰাজ্যজুৰি বিদ্যালয়সমূহত নতুন প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বিষয়েও আলোচনা কৰে। শেহতীয়াকৈ কেবিনেটৰ সিদ্ধান্তৰ পিছত চৰকাৰে যিবোৰ বিদ্যালয়ত পূৰ্বে এই পদসমূহ খালী হৈ আছিল, সেইবোৰ বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি দিবলৈ সাজু হোৱা বুলি মন্তব্য কৰে।
ইফালে নিযুক্তিপত্ৰ প্ৰদান কৰি মন্ত্ৰী পেগুৱে কয় যে অসমত কাৰিকৰী শিক্ষাৰ ভৱিষ্যত গঢ়ি তোলাৰ বাবে সহকাৰী অধ্যাপককেইগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছো। আটাইলৈ অভিনন্দন জনাই একবিংশ শতিকাৰ প্ৰযুক্তিগত উন্নতিৰ সৈতে খাপ খুৱাবলৈ অনুৰোধ জনাইছো বুলি তেওঁ উল্লেখ কৰে।