Advertisment

ভাৰতত আইফোনৰ উৎপাদন বৃদ্ধিঃ ১০ বিলিয়ন ডলাৰৰ সীমা অতিক্ৰম...

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছ’চিয়েল মিডিয়াত এই সাফল্যৰ কথা ঘোষণা কৰি মুঠ উৎপাদনৰ পৰা ৭ বিলিয়ন ডলাৰৰ আইফোন ৰপ্তানি কৰা হৈছে বুলিও উল্লেখ কৰিছে। ২০২৪ চনৰ অক্টোবৰ মাহটো ভাৰতত এপলৰ বাবে এক ঐতিহাসিক মাহ আছিল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  ভাৰতত এপলে বৃহৎ মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ২০২৪ চনৰ এপ্ৰিলৰ পৰা অক্টোবৰৰ ভিতৰত আইফোন উৎপাদনে ১০ বিলিয়ন ডলাৰৰ ফ্ৰেইট-অন-বৰ্ড (এফ অ’ বি) ৰ সংখ্যা স্পৰ্শ কৰিছে। বিগত বছৰৰ একে সময়ছোৱাৰ তুলনাত এই বৃদ্ধিৰ পৰিমাণ ৩৭%।

Advertisment

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছ’চিয়েল মিডিয়াত এই সাফল্যৰ কথা ঘোষণা কৰি মুঠ উৎপাদনৰ পৰা ৭ বিলিয়ন ডলাৰৰ আইফোন ৰপ্তানি কৰা হৈছে বুলিও উল্লেখ কৰিছে। ২০২৪ চনৰ অক্টোবৰ মাহটো ভাৰতত এপলৰ বাবে এক ঐতিহাসিক মাহ আছিল।

প্ৰথমবাৰৰ বাবে এটা মাহতে আইফোন উৎপাদনে ২ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছিল। এয়া কোম্পানী আৰু দেশৰ বাবে ই এক অভিলেখ ভংগকাৰী কৃতিত্ব।আনহাতে ঘৰুৱা বজাৰত ৩ বিলিয়ন ডলাৰৰ আইফোন বিক্ৰী কৰা হৈছে।

২০২৪ চনৰ মাৰ্চ মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত এপলে ভাৰতত নিৰ্মিত প্ৰায় ৬ বিলিয়ন ডলাৰৰ আইফোন অন্য দেশলৈ ৰপ্তানি কৰিছে। পূৰ্বৰ বছৰৰ তুলনাত এই ৰপ্তানিৰ হাৰ প্ৰায় ৩০% বৃদ্ধি পোৱা বুলি এক প্ৰতিবেদনত উল্লেখ কৰিছে।

এপলৰ সফলতাৰ বাবে টাইৱানৰ তিনি বিক্ৰেতা ক্ৰমে- ফক্সকন, পেগাট্ৰন আৰু টাটা ইলেক্ট্ৰনিক্স (পূৰ্বতে উইষ্ট্ৰন) য়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। দ্বিতীয় ত্ৰৈমাসিকত এপলে ভাৰতত সৰ্বকালৰ ৰাজহৰ অভিলেখ গঢ়িছিল। 

উল্লেখ কৰা প্ৰয়োজন যে, এপলে ৪ বছৰত ১,৭৫,০০০ নতুন প্ৰত্যক্ষ চাকৰিৰ সৃষ্টি কৰিছে, য’ত ৭২ শতাংশতকৈ অধিক মহিলাই নিযুক্তি লাভ কৰিছে।

বৈষ্ণৱে লগতে কয়, ‘এপ্ৰিলৰ পৰা অক্টোবৰ মাহলৈকে কোম্পানীটোৱে প্ৰতিমাহে প্ৰায় ৮৪৫০ কোটি টকা (প্ৰায় ১ বিলিয়ন ডলাৰ) মূল্যৰ আইফোন ৰপ্তানি কৰিছিল। ফলস্বৰূপে জুলাই-ছেপ্টেম্বৰৰ সময়ছোৱাত এপলে ভাৰতত এতিয়ালৈকে সৰ্বাধিক ৰাজহ ৰেকৰ্ড কৰে।

আইফোন