Advertisment

ভাৰতত নিৰ্মিত এপলৰ আইফোনৰ ৰপ্তানি ৭০ শতাংশ বৃদ্ধি

২০২৪ ৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈকে ভাৰতৰ পৰা এপলৰ আইফোনৰ ৰপ্তানি ৬০,০০০ কোটি টকা (প্ৰায় ৭ বিলিয়ন) অতিক্ৰম কৰিছে। এপলৰ বাবে এয়া এক বৃহৎ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। 

author-image
Asomiya Pratidin
New Update
আইফোন

ডিজিটেল ডেস্কঃ ২০২৪ ৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈকে ভাৰতৰ পৰা এপলৰ আইফোনৰ ৰপ্তানি ৬০,০০০ কোটি টকা (প্ৰায় ৭ বিলিয়ন) অতিক্ৰম কৰিছে। এপলৰ বাবে এয়া এক বৃহৎ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। 

Advertisment

ভাৰতত এপলৰ আইফোন প্ৰডাকচন লিংকড ইনচেণ্টিভ ( পি এল আই) আঁচনিৰ অধীনত ২০২০ চনত প্ৰথমে কাৰখানা স্থাপন কৰা হৈছিল। তাৰ পাছৰে পৰা ভাৰতত এপলে আইফোনৰ কেইবাটাও মডেল প্ৰস্তুত কৰিছে।

বৰ্তমান ভাৰতৰ পৰা বিশ্ব বজাৰলৈ এপলৰ আইফোনৰ ১৪, ১৫, ১৬ ৰ জেনেৰেচনৰ প্ৰ', প্ৰ' মেক্স মডেল ৰপ্তানি হৈ আছে। আইফোনৰ প্ৰ' আৰু প্ৰ' মেক্স মডেলৰ মূল্য আন মডেলতকৈ ১.৫ ৰ পৰা ২ গুণ অধিক।

এপলে ২০২২ বিত্তীয় বৰ্ষত ভাৰতৰ পৰা ১.২ বিলিয়ন ডলাৰ আইফোন ৰপ্তানি কৰিছিল। ২০২৩ বিত্তীয় বৰ্ষত ৰপ্তানি কৰে ৫ বিলিয়ন ডলাৰ। ২০২৪ বিত্তীয় বৰ্ষত ভাৰতৰ আইফোন ৰপ্তানি দুগুণ বৃদ্ধি হৈ ১০ বিলিয়ন ডলাৰত উপনীত হৈছে।

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭ মাহতেই ভাৰতত নিৰ্মিত এপলৰ আইফোনৰ ৰপ্তানি ৭০ শতাংশ বৃদ্ধি পাইছে। ভাৰতৰ পৰা আইফোন ৰপ্তানি হোৱা প্ৰধান দেশসমূহৰ ভিতৰত আছে ইউৰোপ, পশ্চিম এছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ।

বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আইফোনৰ ৰপ্তানি বহু বৃদ্ধি পাইছে। ২০১৯ চনত পি এল আই প্ৰকল্প ঘোষণাৰ পূৰ্বে ভাৰতে মাত্ৰ ৫.২৩ মিলিয়ন ডলাৰ মূল্যৰ স্মাৰ্টফোন আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰিছিল।

২০২৪ বিত্তীয় বৰ্ষত এই সংখ্যা বৃদ্ধি হৈ ৫.৫৬ বিলিয়ন ডলাৰত উপনীত হৈছে। ভাৰতৰ পৰা আমেৰিকালৈ ৰপ্তানি হোৱা সামগ্ৰীৰ ভিতৰত স্মাৰ্টফোন আছে দ্বিতীয় স্থানত। প্ৰথম স্থানত আছে হীৰা। 

ভাৰতত এপলৰ বৰ্তমান তিনিটা কাৰখানা আছে। এই তিনিওটা কাৰখানা ফক্সকন, পেগাট্ৰন আৰু টাটা ইলেক্ট্ৰনিকছৰ দ্বাৰা পৰিচালিত হৈ আছে। ২০২৪ ত এতিয়ালৈকে ভাৰতে এপলৰ ১৪ বিলিয়ন ডলাৰৰ আইফোন উৎপাদন কৰিছে।

এয়া বিশ্বৰ যিকোনো মোবাইল কোম্পানীৰ ভিতৰত সৰ্বাধিক। বিশেষজ্ঞসকলৰ মতে ২০২৬ ৰ ভিতৰত বিশ্বৰ প্ৰায় ২৬ শতাংশ আইফোনেই উৎপাদন হ'ব ভাৰতত। বৰ্তমান ভাৰতত বিশ্বৰ বজাৰৰ প্ৰায় ১৪ শতাংশ আইফোন উৎপাদন হৈছে।

এপল আইফোন