/asomiyapratidin/media/media_files/2025/08/21/136-2025-08-21-12-39-13.jpg)
ডিজিটেল ডেস্ক : বিশ্বৰ আগশাৰীৰ মোবাইল নিৰ্মাতা কোম্পনী এপলে ভাৰতত নিৰ্মাণ কৰিব আইফোন ১৭ৰ সকলো মডেল। এই সন্দৰ্ভত এপল ইনকৰ্পৰেটেড ব্লুমবাৰ্গে সূত্ৰই কয় যে, এপলে ভাৰতত আইফোনৰ উৎপাদন বৃদ্ধি কৰিছে।
গতিকে আগন্তুক সময়ত আইফোন ১৭ৰ সকলো মডেল ভাৰতত নিৰ্মাণ কৰাৰ যো-জা চলোৱা হৈছে। উল্লেখযোগ্য যে, ইয়াৰ দ্বাৰা প্ৰথমবাৰৰ বাবে প্ৰিমিয়াম প্ৰ’ সংস্কৰণকে ধৰি প্ৰতিটো নতুন আইফোন ভেৰিয়েচন ভাৰতত আৰম্ভণিৰে পৰা নিৰ্মাণ কৰা হ’ব।