/asomiyapratidin/media/media_files/2025/03/17/NlMkofzNEIOxMz0A5HD5.jpg)
ভাৰতত হ'ব এপলৰ এয়াৰপডৰ উৎপাদন
ডিজিটেল ডেস্ক: এপলৰ প্ৰডাক্টৰ প্ৰতি সকলোৰে থাকে আকৰ্ষণ। ভাৰতীয় বজাৰত এতিয়া বাঢ়িছে এপলৰ প্ৰডাক্টৰ চাহিদা। এই আকৰ্ষণ আৰু চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এপলে এপ্ৰিলৰ পৰা হায়দৰাবাদৰ ফক্সকন প্লাণ্টত ৰপ্তানিৰ বাবে এয়াৰপডৰ উৎপাদন আৰম্ভ কৰাৰ পৰিকল্পনা হাতত লৈছে। আইফোনৰ পিছত এপলে ভাৰতত উৎপাদন আৰম্ভ কৰিব দ্বিতীয়টো প্ৰডাক্ট এয়াৰপড। উদ্যোগটোৰ এক সূত্ৰই সদৰি কৰা আনুসৰি, "ভাৰতত হায়দৰাবাদৰ ফক্সকনৰ প্লাণ্টৰ সহযোগত এয়াৰপডৰ উৎপাদন আৰম্ভ হ'ব। এই কাম এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ব। অৱশ্যে এইয়া কেৱল ৰপ্তানিৰ বাবেহে কৰা হ'ব।"
২০২৩ চনৰ আগষ্ট মাহত ফক্সকনে এই কাৰখানাটো স্থাপনৰ বাবে ৪০ কোটি মাৰ্কিন ডলাৰ অৰ্থাৎ প্ৰায় ৩৫০০ কোটি টকাৰ অনুমোদন দিছিল কোম্পানীটোৱে। এপলে বিশ্বব্যাপী টিডাব্লিওডি (true wireless device) ছেগমেণ্টত আগশাৰীৰ স্থান দখল কৰি আহিছে। কেনালিছৰ মতে, ২০২৪ চনত কোম্পানীটোৰ বজাৰ অংশীদাৰিত্ব আছিল ২৩.১ শতাংশ -- যিটো ইয়াৰ নিকটতম প্ৰতিযোগী চেমচাঙতকৈ প্ৰায় তিনিগুণ বেছি । ইয়াৰ পৰিমান গৱেষণা সংস্থাটোৱে অনুমান কৰা অনুসৰি প্ৰায় ৮.৫ শতাংশ হব।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰা পাৰস্পৰিক শুল্কৰ পিছত, বিশেষকৈ কোম্পানীটোৱে অহা চাৰি বছৰত আমেৰিকাত উৎপাদন ইউনিটত ৫০০ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰাৰ কথা ঘোষণা কৰাৰ পিছত এপলে দেশত উৎপাদন কৰ্তন কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ মাজতে ভাৰতত এয়াৰপডৰ উৎপাদনে তাৎপৰ্য্য গ্ৰহণ কৰিছে। ইণ্ডিয়া চেলুলাৰ এণ্ড ইলেক্ট্ৰনিকছ এছ’চিয়েশ্যনে শ্বেয়াৰ কৰা তথ্য অনুসৰি ভাৰতে শুনা আৰু পৰিধানযোগ্য সামগ্ৰীৰ ওপৰত ২০ শতাংশ আমদানি শুল্ক আৰোপ কৰে আনহাতে আমেৰিকাত এই শুল্ক শূন্য।
ইফালে আইচিইএই প্ৰস্তাৱ দিয়া অনুসৰি, আমেৰিকাৰ পৰা আমদানি কৰা স্মাৰ্টফোন, শ্ৰৱণযোগ্য আৰু পৰিধানযোগ্য সামগ্ৰীৰ আমদানি শুল্ক ৰেহাই দিলে ভাৰত লাভৱান হ’ব। ২ এপ্ৰিলৰ পৰা ভাৰতকে ধৰি কেইবাখনো দেশৰ ওপৰত পাৰস্পৰিক শুল্ক আৰোপ কৰাৰ প্ৰস্তাৱ ট্ৰাম্প প্ৰশাসনে আগবঢ়াইছে বুলি জানিব পৰা গৈছে।