/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/86b5ccdd-be7d-4eb0-ba69-86e3f56e48be/78bbb8cb-c065-437b-ae6a-459d1bcd9e3b.jpg)
ডিজিটেল ডেস্কঃ APPLEএ অচিৰেই মুকলি কৰিব এটা নতুন মডেলৰ আই ফোন। i phne16 চিৰিজৰ দুটা ফোন এই বৰ্ষতে মুকলি কৰিব এপলে। উল্লেখযোগ্য যে, এইবেলি এই মডেলটো নিৰ্মাণ হব ভাৰতত। ভাৰতত নিৰ্মাণ হবলগীয়া এই ফোনটোৰ প্ৰডাকচনৰ হৈছে জড়িত থাকিব Foxconn, Pegatron আৰু Wistron দৰে প্ৰতিষ্ঠান।
মেড ইন ইণ্ডিয়াৰ এই আনফোনটোৰ দুটা মডেল একেলগে মুকলি কৰা হব। i phne16 pro আৰু i phne16 pro max এই দুয়োটা মডেলৰ ফোন ২৪ৰ ১২ছেপ্তেম্বৰত মুকলি কৰাৰ দিহা কৰিছে প্ৰতিষ্ঠানটোৱে। এতিয়ালৈকে এই ফোনটোৰ মূল্য ৰাজহুৱা কৰা নাই যদিও চৰ্চা চলিছে যে, এই মডেলৰ আই ফোনৰ মূল্য ১লাখ ৮০হাজাৰৰো অধিক হব।
উল্লেখ কৰা প্ৰয়োজন যে, এতিয়াৰে পৰা নিৰ্মাণ হবলগীয়া সকলো আইফোনৰ বেটাৰী ভাৰততে নিৰ্মাণ হব বুলি এক চৰ্চা চলিছে। ইতিমধ্যে ইয়াৰ বাবে সকলো যাৱতীয় ব্যৱস্থা তথা আন্তঃগাঁথনিৰ দিহা কৰা হৈছে বুলি জানিব পৰা গৈছে।