স্থানীয় বজাৰ আৰু ৰপ্তানিৰ বাবে ভাৰতত উপলব্ধ আইফোন 16e

ভাৰতত বৰ্তমানৰ আইফোন 16 ছিৰিজ উপলব্ধ কৰা হৈছিল যদিও শেহতীয়াকৈ এপলে ভাৰতৰ স্থানীয় বজাৰত তথা নিৰ্বাচিত দেশলৈ ৰপ্তানিৰ বাবেও আইফোন 16e উপলব্ধ কৰা হ’ব বুলি ঘোষণা কৰিছে। 

author-image
Asomiya Pratidin
New Update
dfgdfg

ডিজিটেল ডেস্কঃ  আইফোন 16 ত নতুন সংযোজন আইফোন 16e। বুধবাৰে এপলে মুকলি কৰে নতুন আইফোন 16e। আইফোন 16 ছিৰিজত এতিয়া অন্তৰ্ভুক্ত কৰা হৈছে ক্ৰমে আইফোন 16, আইফোন 16 প্লাছ, আইফোন 16 প্ৰ’, আইফোন 16 প্ৰ’ মেক্স আৰু নতুন আইফোন 16e।

Advertisment

ভাৰতত বৰ্তমানৰ আইফোন 16 ছিৰিজ উপলব্ধ কৰা হৈছিল যদিও শেহতীয়াকৈ এপলে ভাৰতৰ স্থানীয় বজাৰত তথা নিৰ্বাচিত দেশলৈ ৰপ্তানিৰ বাবেও আইফোন 16e উপলব্ধ কৰা হ’ব বুলি ঘোষণা কৰিছে।  এপল ৰিটেইলত, এপল ষ্ট’ৰ এপত আৰু এপলৰ পছন্দৰ অংশীদাৰৰ জৰিয়তে ২৮ ফেব্ৰুৱাৰীৰ পৰা ইয়াক ক্ৰয় কৰিব পৰা যাব বুলি এপলৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, এপলে আইফোন এস ই ছিৰিজৰ পৰা আৰম্ভ কৰি ভাৰতত আইফোন নিৰ্মাণ কৰি আহিছে। তেতিয়াৰ পৰাই প্ৰতিষ্ঠানটোৱে ভাৰতত আইফোন 12, আইফোন 13, আইফোন 14, আইফোন 14 প্লাছ আৰু আইফোন 15 উপলব্ধ কৰিছে। 

বৰ্তমান ভাৰতত স্থানীয় আৰু বিদেশী বজাৰৰ বাবে আইফোন16 আৰু আইফোন 16 প্লাছ নিৰ্মাণ কৰা হৈছে। কিন্তু ভাৰতত প্ৰথমবাৰৰ বাবে এপলে প্ৰ’ ভেৰিয়েন্ট নিৰ্মাণ আৰম্ভ কৰিছিল, যিটো আইফোন 16 প্ৰ’ আৰু আইফোন 16 প্ৰ’ মেক্সৰ পৰা আৰম্ভ হৈছিল।

আইফোন