বিশ্বৰ উন্নত ৰাষ্ট্ৰক চেৰ পেলাই আইফোন উৎপাদনৰ বজাৰত ভাৰতৰ ৰাজত্ব...

বিশ্বৰ উন্নত ৰাষ্ট্ৰক চেৰ পেলাই আইফোন উৎপাদনৰ বজাৰত ভাৰতৰ ৰাজত্ব...

author-image
Asomiya Pratidin
New Update
বিশ্বৰ উন্নত ৰাষ্ট্ৰক চেৰ পেলাই আইফোন উৎপাদনৰ বজাৰত ভাৰতৰ ৰাজত্ব...

ডিজিটেল ডেস্কঃ তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত এতিয়া বিশ্বৰ ভিতৰতে অন্যতম এখন দেশ। ভাৰতে বিশেষকৈ বৈদ্যুতিক সামগ্ৰী প্ৰস্তুত কৰা দেশ হিচাপে আন্তৰ্জাতিক ক্ষেত্ৰখনত ক্ৰমান্বয়ে সুনাম অৰ্জন কৰিছে। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ভাৰতৰ পৰা এপেলৰ আইফোন ৰপ্তানি যথেষ্ট বৃদ্ধি পাইছে। ২০২৪ চনৰ মাৰ্চ মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ অৰ্থাত এই ৬মাহত এপলে ভাৰতত নিৰ্মিত প্ৰায় ৬ বিলিয়ন ডলাৰৰ আইফোন অন্য দেশলৈ ৰপ্তানি কৰিছে। পূৰ্বৰ বছৰৰ তুলনাত এই ৰপ্তানিৰ হাৰ প্ৰায় ৩০% বৃদ্ধি পোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰিছে।

Advertisment

ব্লুমবাৰ্গে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি, এপেলে ভাৰতত উৎপাদনকাৰী প্লান্ট স্থাপন কৰাৰে পৰা এতিয়ালৈকে প্ৰায় ভাৰতৰ পৰা প্ৰায় ১৪বিলিয়ন আইফোন ৰপ্তানি কৰিছে। ২৪ চনৰ বিত্তীয় বৰ্ষৰ শেষলৈকে এই হাৰ আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, এপেলৰ বাবে দুটা প্লাণ্ট চলোৱা টাটা ইলেক্ট্ৰনিকছ হৈছে ফক্সকন আৰু পেগাট্ৰনৰ সৈতে এপলৰ আটাইতকৈ বৃহৎ নিয়োগ সৃষ্টিকাৰী প্ৰতিষ্ঠান। টাটা ইলেক্ট্ৰনিকছে দক্ষিণ ভাৰতত সক্ৰিয়ভাৱে আইফোনৰ ব্যৱসায় অব্যাহত ৰাখিছে । এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে কৰ্ণাটকৰ কাৰখানাৰ পৰা প্ৰায় ১.৭ বিলিয়ন ডলাৰৰ আইফোন ৰপ্তানি কৰিছিল টাটা ইলেক্ট্ৰনিকছে।

ফেডাৰেল বাণিজ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, আইফোনসমূহ ভাৰতৰ স্মাৰ্টফোন ৰপ্তানি খণ্ডৰ মেৰুদণ্ড স্বৰূপ হৈ পৰিছে। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম পাঁচ মাহত ২.৮৮ বিলিয়ন ডলাৰৰ ব্যৱসায়েৰে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত এক সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ভাৰত। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, পাঁচ বছৰ পূৰ্বে আমেৰিকালৈ ভাৰতৰ স্মাৰ্টফোনৰ ৰপ্তানি আছিল বাৰ্ষিক মাত্ৰ ৫২ লাখ ডলাৰ।

এপেলৰ বাবে দুটা প্লাণ্ট চলোৱা টাটা ইলেক্ট্ৰনিকছ হৈছে ফক্সকন আৰু পেগাট্ৰনৰ সৈতে এপলৰ আটাইতকৈ বৃহৎ নিয়োগ সৃষ্টিকাৰী। টাটা ইলেক্ট্ৰনিকছে দক্ষিণ ভাৰতত সক্ৰিয়ভাৱে আইফোনৰ ব্যৱসায় অব্যাহত ৰাখিছে । এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে কৰ্ণাটকৰ কাৰখানাৰ পৰা প্ৰায় ১.৭ বিলিয়ন ডলাৰৰ আইফোন ৰপ্তানি কৰিছিল টাটা ইলেক্ট্ৰনিকছে।

২৩- ২০২৪ চনৰ বিত্তীয় বৰ্ষত এপেলে ভাৰতত ১৪ বিলিয়ন ডলাৰৰ আইফোন উৎপাদন কৰিছিল। এই সংখ্যা পূৰ্বৰ বছৰৰ উৎপাদনৰ তুলনাত দুগুণ আছিল। এপলে ইতিমধ্যে ভাৰতক এক গুৰুত্বপূৰ্ণ উৎপাদন কেন্দ্ৰ হিচাপে গণ্য কৰি কাম কৰি গৈছে। উল্লেখ কৰা প্ৰয়োজন যে, আইফোন ১৬ প্ৰ আৰু প্ৰ মেক্সৰ ফোনৰ প্ৰিমিয়াম মডেল ভাৰততে উৎপাদন কৰা হৈছিল। মুম্বাই,দিল্লীৰ পাছত নতুনকৈ বাংগালোৰ আৰু পুনেত আইফোনৰ ফ্লেগশ্বিপ ষ্ট’ৰ মুকলি কৰি ভাৰতত খুচুৰা ব্যৱসায় শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে এপেলে।

Also Read: বিশ্ব স্বীকৃতিৰ দৌৰত বৰপেটাৰ থলুৱা আতচবাজী...

Apple Exports iPhones from india apple india India iphone business