Advertisment

গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক নবীন গোহাঁইক 'আপকু সদস্য মহীয়ান বঁটা-২০২৪' প্ৰদান

গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ পতিয়াপথাৰ গাৱঁৰ নিবাসী স্বৰ্গীয় উপেন গোহাঁই আৰু নীৰদা গোহাঁইৰ জ্যেষ্ঠ পুত্ৰ নবীন গোহাঁইক আপকু সদস্য মহীয়ান বঁটা প্ৰদান কৰাত বাছনি বিভিন্ন দল-সংগঠন উৎফুল্লিত হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
df

ডিজিটেল ডেস্ক:  গোলাঘাটৰ এজন জ্যেষ্ঠ সাংবাদিক নবীন গোহাঁইক ১৯ জানুৱাৰীত আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৰ তৰফৰ পৰা 'সদস্য মহীয়ান বঁটা -২০২৪' আগবঢ়োৱা হয়। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিস্থিত লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত পূৰ্ণাংগ অধিৱেশনৰ মুকলি সভাত বিশিষ্ট সাংবাদিক গোহাঁইক মূখ্যমন্ত্ৰীৰ প্ৰাক্তন প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে বঁটাটি প্ৰদান কৰে।

Advertisment

গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ পতিয়াপথাৰ গাৱঁৰ নিবাসী স্বৰ্গীয় উপেন গোহাঁই আৰু নীৰদা গোহাঁইৰ জ্যেষ্ঠ পুত্ৰ নবীন গোহাঁইক আপকু সদস্য মহীয়ান বঁটা প্ৰদান কৰাত বাছনি বিভিন্ন দল-সংগঠন উৎফুল্লিত হৈ পৰিছে। সুদীৰ্ঘ সময় ধৰি আপকু-গোলাঘাট জিলা সমিতিৰ জৰিয়তে সদস্য হিচাপে যোগদান কৰি কাৰ্যনিৰ্বাহ কৰি থকা সাংবাদিক গৰাকী বিগত সময়ত আপকু-গোলাঘাট জিলা সমিতিৰ সভাপতি।

বৰ্তমান আপকু কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। দীৰ্ঘদিন ধৰি সংবাদ সেৱা আৰু সমাজ সেৱাৰ লগত জড়িত নবীন গোহাঁই এগৰাকী  চৰকাৰী পঞ্জীয়ন ভূক্ত সাংবাদিক। তদুপৰি, তেওঁ খুমটাই আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি, বাদুলীপাৰ আঞ্চলিক কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি, বাদুলীপাৰ নৃত্যাংগনা ক'লা কেন্দ্ৰৰ সভাপতি, পতিয়াপথাৰ শাখা সাহিত্য সভাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা ব্যক্তি গৰাকীৰ কাব্যসংকলন 'আহত সময়' আৰু 'কবিতাৰ বৰষুণ' জুৰী বৰুৱাৰ সৈতে যুটীয়াভাৱে আৰু একাংকিকা নাটকৰ সংকলন 'জীৱন আৰু সংগ্ৰাম', 'এটি পূৱাৰ সন্ধানত' প্ৰকাশ পাইছে।

 একেদৰে বিগত সময়ত বাদুলীপাৰৰপৰা আত্ম প্ৰকাশ কৰা ভ্ৰাম্যমাণ থিয়েটাৰ 'স্বৰ্ণ জ্যোতি থিয়েটাৰ'ৰ নাট পৰিচালকৰ দায়িত্বত থকা নবীন গোহাঁইয়ে ইতিমধ্যে কেইবাখনো ছুটি ছবিত অভিনয় কৰিছে। উল্লেখযোগ্য যে আপকু চতুৰ্দশ দ্বি-বাৰ্ষিক ঢেকিয়াজুলিৰ কেন্দ্ৰীয় পূৰ্ণাংগ অধিবেশনত গোহাঁইক বঁটা আগবঢ়োৱাত আপকু-গোলাঘাট জিলা সমিতি সভাপতি ভবানন্দ কলিতা,কাৰ্যকৰী সভাপতি প্ৰদীপ বৰা,সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম শইকীয়া, বৃহত্তৰ নুমলীগড় সংবাদ মঞ্চ, কমাৰগাঁও প্ৰেছ ক্লাৱ, কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থা, খুমটাই আঞ্চলিক সাংবাদিক সংস্থা, মৰঙি প্ৰেছ ক্লাবকে আদি কৰি বিভিন্ন দল-সংগঠনে নবীন গোহাঁইক উষ্ম অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

নবীন গোহাঁই