বিদ্যুৎ যোগান নিয়মীয়াকৰণৰ দাবীত জোনাইত‌ বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয় ঘেৰাও

বিদ্যুৎ যোগান নিয়মীয়াকৰণৰ দাবীত জোনাইত‌ বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয় ঘেৰাও
Published on
Updated on

ডিজিটেল সংবাদ, জোনাই: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত আৰু জোনাই ই-ৰিক্সা এছচিয়েচনৰ সহযোগত মঙলবাৰে স্মার্ট মিটাৰ বন্ধ আৰু বিদ্যুৎ যোগান নিয়মীয়াকৰণৰ দাবীত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ (APDCL) জোনাই উপ-সংমণ্ডল কার্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰথমতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতি আৰু জোনাই ই-ৰিক্সা এছচিয়েচনৰ আন্দোলনকাৰীসকলে জোনাই উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ তিনিআলিৰ পৰা সমদল কৰি আহি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ জোনাই উপ-সংমণ্ডল কার্যালয় ঘেৰাও কৰে। এই সময়ত আন্দোলনৰ কাৰীসকলে স্মাৰ্ট মিটাৰ বন্ধ কৰক, জোনাই মহকুমাত বিদ্যুৎ যোগান নিয়মীয়া কৰক, অসম চৰকাৰৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, শক্তি বিভাগৰ মইমতালি নচলিব, শক্তি বিভাগ হুচিয়াৰ, বিজেপি চৰকাৰ গ বেক আদি শ্ল'গানেৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ জোনাই উপ-সংমণ্ডল কার্যালয়ৰ চৌহদ উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

অসম‌ জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বি শৰ্মাই স্মাৰ্ট মিটাৰ দ্বাৰা অসমৰ ৰাইজক গণলুন্ঠন চলোৱাৰ পাংক কৰা‌ বুলি‌ উল্লেখ কৰি জোনাই মহকুমাত‌ কোনো কাৰণতে স্মাৰ্ট মিটাৰ স্থাপন কৰিব নিদিওঁ বুলি হুংকাৰ দিয়ে। তদুপৰি জ্ঞান শৰ্মাই সীমান্তৱৰ্তী জোনাই মহকুমাত বিদ্যুতৰ সঘন লোড ছেডিং, নিম্ন ভল্টেজ‌ৰ সমস্যা আৰু বিদ্যুত যোগানৰ অনিয়মীয়াই বিদ্যুৎ উপভোক্তা ৰাইজক জলাখলা দেখুওৱা বুলি উল্লেখ কৰি জোনাইলৈ বিদ্যুৎ যোগানৰ টাৱাৰ লাইন‌ স্থাপন কৰিবলৈ‌ দাবী‌ জনায়। এই কাৰ্যসূচীত অসম ‌জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতৰ সভাপতি খগেন‌ ডেকাৰ লগতে বহু কৰ্মীয়ে অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in