/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/d3d35b97-6d2f-4e88-9913-972b8d77e976/WhatsApp_Image_2022_09_17_at_06_15_46.jpeg)
apdcl
ডিজিটেল ডেস্কঃ অৱশেষত ৰহস্য ফাদিল। অভাৱনীয় হাৰত বিগত তিনি মাহে বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰকৃত কাৰণ ৰাজহুৱাকৈ প্ৰকাশ কৰিলে এ পি ডি চি এলৰ বিষয়াই। বিগত তিনি মাহে বিদ্যুৎ বিল বৃদ্ধি পোৱাৰ মূল কাৰণ হ'ল প্ৰতি ইউনিট বিদ্যুৎ বিলত ৩০ পইচা কৈ বৃদ্ধি।
উল্লেখ্য যে, বিদ্যুৎ বিল বৃদ্ধি কৰিলে এ পি ডি চি এলে পূৰ্বে বিজ্ঞাপন অথবা জাননীৰ জৰিয়তে আগতীয়াকৈ উপভোক্তাক জনোৱা হয় যদিও বিগত তিনিমাহৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ ক্ষেত্ৰত উপভোক্তাক আগতীয়াকৈ কোনো কথা জনোৱা হোৱা নাছিল। আনহাতে বিদ্যুৎ বিল অস্বাভাৱিক ভাৱে বৃদ্ধি হোৱাৰ কাৰণ সম্পৰ্কে এ পি ডি চি এল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে পৃথক পৃথক কাৰণ ব্যাখ্যা কৰাৰ লগতে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই আকৌ এই সম্পৰ্কে কোনো কথা নাজানে বুলি মন্তব্য কৰিছিল।
ৰাজ্যজুৰি সৃষ্টি হোৱা বিতৰ্কৰ আঁত ধৰি এ পি ডি চি এলে ১৬ ছেপ্টেম্বৰত কাকতৰ জৰিয়তে এক জাননী প্ৰকাশ কৰি অত্যাধিক গৰম আৰু বিগত মাহবোৰৰ তুলনাত কম বৰষুণ হোৱাৰ বাবে বিদ্যুতৰ ব্যৱহাৰ অধিক হোৱাৰ বাবেই বিদ্যুৎ বিল বৃদ্ধি পাইছে বুলি যুক্তি দিছিল। আনহাতে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই কিহৰ বাবে বিদ্যুৎ বিল বৃদ্ধি পাইছে সেই সম্পৰ্কে তেওঁ অজ্ঞতা প্ৰকাশ কৰি ইয়াৰ বাবে এখন কমিটী গঠন কৰাৰ কথাও ঘোষণা কৰিছিল।
আন এগৰাকী মন্ত্ৰী পীযুষ হাজৰিকাই চৰকাৰী কৰ্মচাৰীৰ প্ৰতিমাহে ২০০/৩০০ টকাকৈ দৰমহা বৃদ্ধি পাই বাবেই বিদ্য়ুৎৰ বিলো বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছিল। ঠিক এনেধেৰণৰ তৰল মন্তব্য কৰিছিল অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
ইয়াৰ মাজতে আকৌ ১৬ ছেপ্টেম্বৰৰ বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰৰ বিসংগতিৰ বাবেই বিদ্যুৎ বিল বৃদ্ধি পোৱা বুলি উল্লেখ কৰি এ পি ডি চি এলক শীঘ্ৰেই এই সমস্যা দূৰ কৰবলৈ টুইটাৰৰ জৰিয়তে নিৰ্দেশ দিয়াৰ কথা প্ৰকাশ কৰিছিল। মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পিছতে আজি এ পি ডি চি এলৰ বিষয়াই ৰাজহুৱা কৰিলে বিদ্যুৎ বিল অস্বাভাৱিক ভাৱে বৃদ্ধি হোৱাৰ ৰহস্য
এ পি ডি চি এলৰ বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বিগত তিনিমাহৰ বাবে প্ৰতি ইউনিট বিদ্যুৎ বিলত ৩০ পইচাকৈ বৃদ্ধি কৰা হৈছে। এ পি ডি চি এলৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা অনুসৰি বিভিন্ন মাধ্যমত প্রচাৰ হোৱাৰ দৰে সকলো মিটাৰ বেয়া নহয়। তেওঁৰ মতে ক'ৰবাত দুই এটা মিটাৰ বেয়া হ’ব পাৰে। সেই বেয়া মিটাৰ এ পি ডি চি এলক দিলে তেওঁলোকে ঠিক কৰি দিব।
আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰৰ নিৰ্দেশ সম্পৰ্কত কয় যে, মুখ্যমন্ত্রীয়ে কোৱা কথা একেবাৰে অসত্য নহয়। দুই, এটা মিটাৰ বেয়া হ'ব পাৰে। কিন্তু সকলো মিটাৰ বেয়া নহয়।
তেওঁৰ মতে বিদ্যুতৰ প্ৰতি ইউনিটৰ মাচুল বৃদ্ধিত বিদ্যুৎ নিয়ামক আয়োগে অনুমোদন জনাইছে। ইন্ধনৰ মূল্যবৃদ্ধি আৰু আনুসাংগিক কাৰণত বিদ্যুৎ মাচুল বৃদ্ধিত অনুমোদন জনোৱা হৈছে।