ধেমাজিত গৌৰৱ গগৈক সম্বৰ্ধনাঃ মুখ্যন্ত্ৰী, বিজেপি দলক তীব্ৰ সমালোচনা

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণৰ পিছত আজি প্ৰথমবাৰৰ বাবে ধেমাজি ভ্ৰমণ কৰা সাংসদ গৌৰৱ গগৈক জিলা কংগ্ৰেছে সম্বৰ্ধনা জ্ঞাপন কৰে।

author-image
Asomiya Pratidin
New Update
ধেমাজিত গৌৰৱ গগৈক সম্বৰ্ধনাঃ মুখ্যন্ত্ৰী, বিজেপি দলক তীব্ৰ সমালোচনা

ডিজিটেল সংবাদ, ধেমাজিঃ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণৰ পিছত আজি প্ৰথমবাৰৰ বাবে ধেমাজি ভ্ৰমণ কৰে সাংসদ গৌৰৱ গগৈয়ে। জিলাখনত ভ্ৰমণৰত সময়ছোৱাত ধেমাজি জিলা কংগ্ৰেছৰ কাৰ্য্যালয় ইন্দিৰা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে৷ 

Advertisment

জিলাখনৰ ভিন্ন স্থানৰ বহু দলীয় নেতা, কৰ্মীৰ উপস্থিতত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সম্বৰ্ধনা গ্ৰহণ কৰি বক্তব্যও ৰাখে। তেওঁ নিজা বক্তব্যত বিজেপি দল, চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে। 

এইবাৰ যুঁজ এখন হ'ব বুলি ভাষণত উল্লেখ কৰি দলীয় কৰ্মীক উৎসাহিতও কৰে৷ প্ৰায় এক ঘন্টা ধৰি দিয়া ভাষণত গৌৰৱ গগৈয়ে বিজেপি চৰকাৰে খিলঞ্জীয়াৰ ভূমি উদ্যোগপতিক গতাই দিয়াক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ 

তেওঁ কয়, বিজেপিয়ে অকল ৰাজনীতি কৰে৷ আমাৰ কংগ্ৰেছ দলৰ স্বাধীনতা সংগ্ৰামৰ যি ধৰনৰ অৰিহণা আছে, বিজিপি আৰু আৰ এছ এছৰ নাই৷ কংগ্ৰেছ দল ৰাইজৰ বাবে এতিয়া আশাৰ ৰেঙণি৷ ৰাইজে ভয়ত আছে, শান্তিত নাই৷ গাৱঁৰ-চহৰৰ সৰু সুৰা দোকানী সমূহৰ এতিয়া কোনো কাম নাইকীয়া হৈ গ'ল৷ আন নালাগে অঞ্চলসমূহৰ স্থানীয় থলুৱা ঠিকাদাৰ সকলৰো কোনো কাম নোহোৱা হ'ল৷ 

তেওঁ অভিযোগ কৰি কয়, কেৱল মাত্ৰ মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক থকা একাংশ লোকেহে  সুবিধা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে৷ এনে ফলত নিবনুৱা যুৱক-যুৱতীসকল একেবাৰে কৰ্ম বিমুখ হৈ উপায় নোহোৱা হৈ পৰিছে৷ বক্তব্যত তেওঁ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি গাঁৱত মুখ্যমন্ত্ৰীয়ে শিক্ষানুষ্ঠান নুখুলি কেৱল মদৰ দোকানহে খুলিবলৈ আৰম্ভ কৰিছে বুলিও উল্লেখ কৰে৷ 

তেওঁ কয়, কংগ্ৰেছ দলৰ উত্থান দেখি এতিয়া বিজিপিয়ে ভয় কৰিবলৈ আৰম্ভ কৰিছে৷ সেয়ে হকে-বিহকে বিজেপিয়ে কংগ্ৰেছৰ ওপৰত অত্যাচাৰ চলাবলৈ আৰম্ভ কৰিছে৷ কংগ্ৰেছ আৰু বিজিপিৰ দলৰ মাজত এইটোৱেই প্ৰাৰ্থক্য যে বিজেপিয়ে ধন, শক্তি হাতত ৰাখিব বিচাৰে কিন্ত কংগ্ৰেছে ইয়াৰ বিপৰীতে ৰাইজৰ হাতত দিব বিচাৰে৷

গগৈয়ে বক্তব্যত দলৰ কৰ্মীসকলক ব্যক্তিগত স্বাৰ্থ আগত নাৰাখি নিজৰ কামবোৰ মিলিজুলি কৰি যাবলৈ অনুৰোধ জনায়৷ তেওঁ আকৌ বক্তব্যত কয় যে, মোৰ পিতৃ তৰুণ গগৈৰ ১৫ বছৰীয়া শাসনকলৈ এটা দাগ লগা মন্তব্য দিব পৰা নাই বিজেপি দল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কিন্ত আনৰ চৰিত্ৰ আৰু কংগ্ৰেছ দলকলৈ দিনে ৰাতিয়ে অপ্ৰচাৰ চলোৱা কাৰ্যত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ 

কংগ্ৰেছ দলৰ উত্থান দেখি ভয় খাবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজিপি বাহিনীয়ে৷ সেয়ে মোক পাকিস্তানৰ সন্ত্ৰাসবাদী, আলফা,  ছালফা, সজাবলৈ চেষ্টা কৰিও তেওঁলোকে বিফল হৈছে৷ আৰু তেওঁলোকৰো ভয় হৈছে৷ যদি কংগ্ৰেছ চৰকাৰ আহে তেন্তে এটা এটাকৈ বিজেপি বাহিনীয়ে কৰা কেলেংকাৰী হিচাপ দিব লাগিব৷ 

এই বিষয়ে আগতীয়াকৈ উমান পাইয়ে ভয়ত কম্পমান হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেয়ে তেওঁ আবুল-তাবুল ক’বলৈ আৰম্ভ কৰিছে বুলিও গৌৰৱ গগৈয়ে উল্লেখ কৰে৷

কংগ্ৰেছ গৌৰৱ গগৈ