/asomiyapratidin/media/media_files/2025/03/11/bfoa9FzudyqTf7pFAxVD.jpg)
প্ৰণৱজ্যোতি বৰাৰ বাসগৃহত ভূপেন বৰা
ডিজিটেল ডেস্ক, নগাঁও: নগাঁৱৰ পুৰণিগুদামৰ প্ৰণৱজ্যোতি বৰাৰ বাসগৃহত মঙলবাৰে উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰে সভাপতি গৰাকীয়ে। সভাপতিগৰাকীৰ সৈতে উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও বিষয়ববীয়া।
উল্লেখ্যযোগ্য যে, কিছুদিন পূৰ্বে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল চামগুৰি সমষ্টিৰ প্ৰাক্তন উপ-সভাপতি তথা বৰ্তমানৰ সাধাৰণ সম্পাদক প্ৰনৱজ্যোতি বৰাৰ মৃতদেহ। প্ৰনৱৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভূপেন বৰাই। বৰাই মন্তব্য কৰে "গোটেই পৰিয়ালে সন্দেহ কৰে এইটো হত্যাকাণ্ড। আৰক্ষীয়ে যিদৰে গোটেই বিষয়টো গাপ দিবলৈ চেষ্টা কৰিছে সেইটো পৰিয়ালটোৱে মানি লব পৰা নাই। আৰক্ষীয়ে সেইদিনা ১ঘণ্টা পিছতেই কৈ দিলে হৃদযন্ত্ৰৰ বিকল হৈ মৃত্যু হৈছে, আৰক্ষীটো কাৰ্ডিঅ'লজিষ্ট নহয় তেওঁ কেনেকৈ ক'লে হৃদযন্ত্ৰৰ বিকল হৈ মৃত্যু হৈছে বুলি।" প্ৰনৱৰ সমগ্ৰ ঘটনাটো সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৰাকীয়ে উচিত তদন্তৰ দাবী কৰে।
ইয়াৰ লগতে তেওঁ কয়, "মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনক লৈ আমাৰ সন্দেহ আছে,অসম বিধান সভাত এই সম্পৰ্কে আমি প্ৰশ্ন উত্থাপন কৰিম। মানুহৰ মনত অহা প্ৰশ্নবোৰৰ উত্তৰ দিয়াটো আৰক্ষীৰ দায়িত্ব। আৰক্ষীয়ে যদি অবহেলা কৰে তেন্তে চৰকাৰে চকু দিব লাগিব।প্ৰণৱ কংগ্ৰেছী হোৱাৰ কাৰনে আৰক্ষীয়ে ঘটনাটো গুৰুত্বহীন কৰিবলৈ চেষ্টা কৰিছে। সৌ সিদিনা আৰক্ষীক দিনৰ পোহৰত বুট জোতাৰে লাথ মাৰিলে বিজেপিৰ গুণ্ডাই, সেই ক্ষেত্ৰত আৰক্ষীয়ে কিবা কৰিব পাৰিলে জানো। নগাঁওৰ আৰক্ষী অধীক্ষক গৰাকীৰ আৰক্ষী হিচাপে স্বাভিমান নাই।"