ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, বিশিষ্ট অৰ্থনীতিবিদ, অসমৰ পৰা পাঁচবাৰকৈ ৰাজ্যসভাৰ সাংসদ হোৱা ড০ মনমোহন সিঙে ইহলীলা সম্বৰণ কৰে । তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ দেশবাসীক মৰ্মাহত কৰি তুলিছে । বিভিন্নজনে প্ৰকাশ কৰিছে শোক ।
সমান্তৰালভাৱে প্ৰয়াত প্ৰধানমন্ত্ৰী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে । শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত সাংসদসহ এটা প্ৰতিনিধি দলে নতুন দিল্লীৰ ড০ সিঙৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰে৷
প্ৰয়াত ড০ মনমোহন সিঙৰ শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে প্ৰতিনিধিৰ দলটোৱে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, কংগ্ৰেছ নেত্ৰী ৰজলীনা তিৰ্কীও অনুষ্ঠানটোত উপস্থিত আছিল ।