নতুনকৈ গঠন কৰা হ'ল প্ৰদেশ কংগ্ৰেছৰ মেডিয়া কমিটি

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে বেদব্ৰত বৰাক। নৱ নিযুক্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নিৰ্দেশ অনুসৰি এই কমিটিখন নতুনকৈ গঠন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
অধ্যক্ষৰ দায়িত্বত বেদব্ৰত বৰা

অধ্যক্ষৰ দায়িত্বত বেদব্ৰত বৰা

ডিজিটেল ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে বেদব্ৰত বৰাক। নৱ নিযুক্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নিৰ্দেশ অনুসৰি এই কমিটিখন নতুনকৈ গঠন কৰা হৈছে। কংগ্ৰেছৰ জেষ্ঠ মুখপাত্ৰ ক্ৰমে- ৰূপক দাস, ইফতিকাৰ ইউনিছ, মনালিছা বৰুৱা হাজৰিকা, সম্বিদ শৰ্মা সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিছে এই নতুন কমিটিত। 

Advertisment

হেপী গগৈ, মোস্তাক গোলাম উচমানিক সম্পাদক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে ১৬ গৰাকীক জেষ্ঠ মুখপাত্ৰ হিচাপে নিযুক্তি দিছে গৌৰৱ গগৈয়ে। দলটোৰ জেষ্ঠ মুখপাত্ৰসকল ক্ৰমে- মেহদী আলম বৰা, আব্দুল খালেক, এতুৱা মুণ্ডা, ৰাজু চাহু, মোহন বসুমতাৰী, কুশল কুমাৰ শৰ্মা, ঋতুপৰ্ণ কোঁৱৰ, জয়প্ৰকাশ দাস, ইমদাদ হুছেইন, সঞ্জয় বৰুৱা, তৰ্পণ ফুকন, মনোৰঞ্জন বৰগোহাই, ৰমন ঝা, বৰ্ণালী ফুকন, নীৰণ বৰুৱা আৰু ৰূপা কলিতা দাস।

মুখপাত্ৰ হিচাপে দলটোৱে নিযুক্তি দিয়াসকল ক্ৰমে- বিদিশা নেওগ, ছৈজুদ্দিন আহমেদ, মহচিন খান, আমান ৱাদুদ, গণেশ বৰ্মণ, জ্যোতিময়ী বৈশ্য, ৰাকেশ চক্ৰৱৰ্তী, মতিউৰ ৰহমান, মিজানুৰ ৰহমান, সঞ্জীৱ ৰয়, বনদ্বীপ দত্ত, পীতাম্বৰ যোশী, হৰ্ষ প্ৰকাশ বৰদলৈ, ৰিতম সিং, ৰফিকুল ইছলাম, জেহেৰুল ইছলাম, অনিতা দেৱী, উপেন ৰাজ নাথ, অৰূপজ্যোতি ভূঞা আৰু পলাক্ষী দাস। 

কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছ