/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/275e603c-4f57-479f-b2fb-c2555b967ac5/dca7261b-8209-4903-a27b-513cffb567b2.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰাজহ সেৱা বিভাগৰ জ্যেষ্ঠ বিষয়া IRS এম অনুসূয়াই ভাৰতীয় প্ৰশাসনিক সেৱাত অন্য এক ইতিহাসৰ সৃষ্টি কৰিলে। জ্যেষ্ঠ মহিলা বিষয়াগৰাকীয়ে লিংগ পৰিৱৰ্তন কৰি এম অনুসূয়াৰ নামৰ সলনি নিজৰ নাম ৰাখিলে এম অনুকৃতি সূৰ্য।
ভাৰতীয় প্ৰশাসনিক সেৱাত এনে কাৰ্য প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে। ভাৰত চৰকাৰেও বিষয়াগৰাকীৰ নাম, লিংগ সলনি কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰিছে। ভাৰতীয় প্ৰশাসনিক সেৱাত নাম, লিংগ সলনি কৰা এম অনুকৃতি সূৰ্যই হৈছে প্ৰথমগৰাকী বিষয়া।
উল্লেখ কৰা প্ৰয়োজন যে, এম অনুসূয়াৰ বয়স বৰ্তমান ৩৫বছৰ। ২০১৩বৰ্ষত ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰিছিল তেওঁ। চেন্নাইত অতিৰিক্ত আয়ুক্ত হিচাপে কেৰিয়াৰ আৰম্ভণি কৰা বিষয়াগৰাকী বৰ্তমান হায়দৰাবাদত কৰ্মৰত।
ইফালে এম অনুকৃতি সূৰ্যৰ এই পদক্ষেপৰ পাছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰত চৰকাৰেও এই বিষয়টোক লৈ স্পষ্টীকৰণ দিছে যে, এয়া এক প্ৰগতিশীল খোজ। লিংগ সমতাৰ ক্ষেত্ৰত এই পদক্ষেপে সমাজলৈ যুগান্তকাৰী বাৰ্তা প্ৰেৰণ কৰিব বুলি কয় ভাৰত চৰকাৰৰ প্ৰতিনিধিয়ে।