অনুৰাধা শৰ্মা পূজাৰীৰ “সুখৰ ৰামধেনু” প্ৰথম ক্ৰেতাই কৰিলে উন্মোচন

অনুৰাধা শৰ্মা পূজাৰীৰ “সুখৰ ৰামধেনু” প্ৰথম ক্ৰেতাই কৰিলে উন্মোচন

ডিজিটেল ডেস্কঃ মঙলবাৰে অসম গ্ৰন্থমেলা , গুৱাহাটীত ব্যতিক্ৰমী কাৰ্যসূচীৰে বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ “সুখৰ ৰামধেনু” গ্ৰন্থখন উন্মোচন কৰে পূৰ্বাঞ্চল প্ৰকাশনে ৷ গ্ৰন্থমেলাৰ বিপণীত “সুখৰ ৰামধেনু”ৰ প্ৰথমটো “কপি” ক্ৰয় কৰে ইউ.এচ.টি.এম.ত পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়ন কৰি ইপ্সিতা বৰুৱা নামৰ ছাত্ৰীগৰাকীয়ে ৷

লগে লগে পূৰ্বাঞ্চল প্ৰকাশনে তেওঁক ফুলাম গামোছাৰে আদৰণী জনায় আৰু গ্ৰন্থখন উন্মোচন হোৱা বুলি ঘোষণা কৰে ৷ সুকীয়া শৈলীৰ লেখাৰে পাঠকৰ হৃদয় জয় কৰা অনুৰাধা শৰ্মা পূজাৰীৰ গ্ৰন্থই মানুহৰ মগজুতো নতুন চিন্তা-চেতনা জাগ্ৰত কৰি আহিছে ৷ “সুখৰ ৰামধেনু”য়েও পাঠকৰ সঁহাৰিৰে সফলতা অৰ্জন কৰিব বুলি তেওঁৰ অনুৰাগী তথা প্ৰকাশকে আশা প্ৰকাশ কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in