/asomiyapratidin/media/media_files/2025/07/30/basugaon-30-2025-07-30-17-44-59.jpg)
ডিজিটেল সংবাদ, চিৰাং: আজি চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ গয়বাৰীত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত কেন্দ্ৰীয় ভাবে ২৯ সংখ্যক "উদখাৰি বেৰেখা ছান" অৰ্থ্যাৎ সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হয়। ১৯৯৬ চনত আজিৰ এই দিনটোতে কোকৰাঝাৰ চহৰত উগ্ৰপন্থীৰ গুলীত নিহত হৈছিল তদানীন্তন এবছুৰ সভাপতি স্বৌমব্লা বসুমতাৰী।
১৯৯৭ চনত ৩০ জুলাই ছাত্ৰ নেতা গৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকী দিনাৰ পৰা চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ গয়বাৰীত প্ৰয়াত ছাত্ৰ নেতাজনৰ সমাধিস্থলীত এবছুৰ উদ্যোগত প্ৰতি বছৰে "উদখাৰি বেৰেখা ছান" অৰ্থ্যাৎ সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰি আহিছে। এইবেলিও প্ৰয়াত ছাত্ৰনেতা জৌহৌলাও সৌমব্লা বসুমতাৰীৰ ২৯ সংখ্যক মৃত্যু দিৱসৰ লগত সঙ্গতি ৰাখি পালন কৰা সন্ত্ৰাসবাদ দিৱসত অৰ্ধ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে।
প্ৰয়াত এবছুৰ সভাপতি স্বৌমব্লা বসুমতাৰীৰ সমাধিস্থলীত বন্তি প্ৰজ্বলন আৰু পুষ্প অৰ্পণ কৰে সহধৰ্মিণী ভানুমতী বসুমতাৰী, এবছুৰ সভাপতি দ্বীপেন বড়ো, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সভাপতি ডঃ সুৰৎ নাৰ্জাৰী, বিধায়ক জিৰণ বসুমতাৰী, বিধায়ক লৰেন্স ইশ্লাৰী, বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, ছাইখং বসুমতাৰীসহ বিভিন্ন বড়ো জাতীয় দল সংগঠনৰ নেতৃত্ববৰ্গসকলে।
তাৰ পিছত কেইবাশতাধিক বিশিষ্ট লোক আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত শান্তিৰ প্ৰতীক হিচাপে বগা পাৰ চৰাই আৰু বগা বেলুন মুকলি আকাশলৈ উৰুৱাই দিয়ে আমন্ত্ৰিত অতিথিসকলে। উল্লেখ্য যে ১৯৯৬ চনৰ আজিৰ এই দিনটোতে কোকৰাঝাৰ চহৰৰ হাতিমাথাস্থিত ভাড়াগৃহত সশস্ত্ৰ উগ্ৰপন্থীৰ দলে প্ৰৱেশ কৰি তদানীন্তন এবছুৰ কেন্দ্ৰীয় সভাপতি স্বৌমব্লা বসুমতাৰীক নৃশংসভাৱে গুলীয়াই হত্যা কৰিছিল।
এবছুৰ আজিৰ এই "উদখাৰি বেৰেখা সান" সন্দৰ্ভত এবছুৰ সভাপতি দ্বীপেন বড়োই কয় যে এটা সময়ত হত্যা হিংসা আৰু সন্ত্ৰাস জৰ্জৰিত সমাজত ভাতৃঘাতী সংঘাত গাঁ কৰি উঠিছিল আৰু সেই সময়ত তদানীন্তন এবছুৰ সভাপতি উগ্ৰপন্থীৰ গুলীত নিজৰ প্ৰাণ বিসৰ্জন দিব লগা হৈছিল। এই দিনটো আহিলে প্ৰতিজন বড়ো জাতীয় চেতনালব্ধ লোকে তেখেতক স্মৰণ কৰে।
বড়োসকলে এবছুৰ নেতৃত্বত জাতিৰ জাতীয়তাবাদ আৰু জাতি সত্বাৰ বাবে ৰাজপথৰ পৰা আৰম্ভ কৰি ৰেলপথলৈকে গণতান্ত্ৰিক আন্দোলন কৰি আহিছে। সময়ৰ আহ্বানত এই জাতিটোৰ পৰাই একাংশই সশস্ত্ৰ সংগ্ৰামৰ পাতনি মেলি নতুন নতুন উগ্ৰপন্থী গোটৰ জন্ম দি সশস্ত্ৰ সংগ্ৰামত নামি পৰিছিল।
এই সংগ্ৰামৰ পটভূমিত জাতিটোৱে যেনেকৈ কিছু ক্ষয়ক্ষতিৰ সন্মুখীন হৈছে তাৰ বিপৰীতে জাতিটোৱে কিছু অধিকাৰ পাবলৈ সক্ষম হৈছে। সংগ্ৰামৰ সময়ছোৱাত বড়োজাতিটোয়ে সংকটৰ সময়ত আপোচহীন সিদ্ধান্ত গ্ৰহণ কৰি কাম কৰি গৈছিল। যাৰ ফলস্বৰূপ বড়োসকলে তিনিটা চুক্তিৰ লাভ কৰিছে।
ইয়াৰ মাজতেই আমাৰ সমাজত চলিথকা দ্বন্দ্ব, ভাতৃঘাতী হিংসা দূৰ কৰিবলৈ এবছুয়ে সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰি আহিছে। সেই সময়ছোৱাত সমাজৰ পৰা হত্যা হিংসা, দ্বন্দ্ব, ভাতৃঘাতী সংঘৰ্ষৰ দূৰ কৰিবলৈ ভাতৃঘাতী হিংসাৰ চিকাৰ হোৱা এবছু নেতা তদানীন্তন সভাপতি জৌহৌলাও সৌমব্লা বসুমতাৰীৰ মৃত্যু দিৱসত সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰিবলৈ আৰম্ভ কৰিছিলো যি এতিয়াও আমি অব্যাহত ৰাখিছো।
এবছুৰ উদ্যোগত পালন কৰি অহা সন্ত্ৰাসবাদ দিৱস সন্দৰ্ভত এবছুৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ বিটিচিৰ মুখ্য কাৰ্য্যবাহী প্ৰমোদ বড়োৱে কয় যে, এবছুৰ এই পদক্ষেপ সম্প্ৰতি কেৱল বিটিআৰ বা অসমতে নহয় সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা সন্ত্ৰাসবাদ বিৰোধিতা কৰি সন্ত্ৰাসবাদ বিৰোধী দিৱসৰ প্ৰাসংগিকতা আছে বুলি মন্তব্য কৰে।
এবছুৰ এই সন্ত্ৰাসবাদ বিৰোধী দিৱস কাৰ্যসূচী আগলৈ কেৱল এইটো অঞ্চলৰ বাবে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসবাদৰ কবলত থকা অঞ্চলত শান্তি প্ৰতিষ্ঠাৰ বাবে সন্ত্ৰাসবাদ দিৱস অন্যভাৱে পালন কৰিবলৈ আহ্বান জনায়।