সৰুপথাৰত কুসংস্কাৰ –অন্ধবিশ্বাস বিৰোধী দিৱস পালন

ইলোৰা বিজ্ঞান মঞ্চৰ ধনশিৰি শাখা আৰু নাওজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ যৌথ উদ্যোগত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো "কুসংস্কাৰ – অন্ধবিশ্বাস বিৰোধী দিৱস " হিচাপে পালন কৰা হয়

author-image
Asomiya Pratidin
New Update
g

ডিজিটেল সংবাদ, সৰুপথাৰ : সমগ্ৰ অসমৰ লগতে মঙলবাৰে সৰুপথাৰতো ইলোৰা বিজ্ঞান মঞ্চৰ ধনশিৰি শাখা আৰু নাওজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ যৌথ উদ্যোগত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো "কুসংস্কাৰ – অন্ধবিশ্বাস বিৰোধী দিৱস " হিচাপে পালন কৰা হয়। এই উপলক্ষে বিদ্যালয়খনত সুলভ হৰপালৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়। 

Advertisment

xcfhf

শিক্ষক ভাস্কৰ গগৈৰ পৰিচালনাৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা " আহা সমাজ ভাঙো / আহা সমাজ গঢ়ো " শীৰ্ষক বিজ্ঞান মঞ্চৰ গীতেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানটি উদ্ধোধন কৰে অধ্যক্ষ ছেৰবাহাদুৰ ছেত্ৰীয়ে। অৱসৰপ্ৰাপ্ত শিক্ষক বুধিন ফুকনে হেমচন্দ্ৰ বৰুৱাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি সূচক বক্তব্য আগবঢ়ায়।

dtghdt

লগতে " সমাজৰ পৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাস দূৰীকৰণত ছাত্ৰসমাজৰ কৰণীয় " শীৰ্ষক মুকলি আলোচনাৰ আঁত ধৰে শাখাৰ সম্পাদক ড° নয়নমণি মেধিয়ে। অলিম্পিক হাইস্কুলৰ অধ্যক্ষ মইনুল ইছলাম উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে। এন এচ এচ-ৰ অনুষ্ঠান বিষয়া তথা বিদ্যালয়খনৰ বিষয় শিক্ষক ভাস্কৰ গগৈয়ে শেষত শলাগৰ শৰাই আগবঢ়ায়।

zxbc

ওজা হেমচন্দ্ৰ বৰুৱা