ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰ হাতত ধৰাশায়ী ৩১ টা নক্সালবাদী...

অভিযানত প্ৰাণ হেৰুৱাই নিৰাপত্তাৰক্ষী বাহিনীৰ বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত দুবছৰীয়া মাইকী স্নিফাৰ ড'গ ৰ’লোই। ২৭ এপ্ৰিলত তালাচী চলাই থকাৰ সময়তে এজাক মৌমাখিৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয় ৰ'লোৰ।

author-image
Asomiya Pratidin
New Update
1 naxal

ডিজিটেল ডেস্কঃ  ছত্তীশগড় জিলাৰ বিজাপুৰৰ কাৰেগুটা পাহাৰত নক্সালবাদীৰ বিৰুদ্ধে বৃহৎ সফলতা নিৰাপত্তা বাহিনীৰ। প্ৰাপ্ত তথ্য অনুসৰি, ২১ এপ্ৰিলৰ পৰা ১১ মে’লৈকে কাৰেগুটা পাহাৰৰ আশে-পাশে থকা অঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই।

আৰক্ষীৰ মতে, প্ৰায় ৬০ কিলোমিটাৰ দীঘল আৰু ৫-২০ কিলোমিটাৰ বহল পাহাৰীয়া ভূখণ্ডত চলোৱা এই অভিযানত ২১টা এনকাউণ্টাৰ সংঘটিত হয়, য’ত ১৬গৰাকী মহিলাকে ধৰি কমেও ৩১জন ইউনিফৰ্ম পৰিহিত মাওবাদীৰ মৃত্যু হয়।

লক্ষ্যণীয় যে, এই অভিযানত প্ৰাণ হেৰুৱাই নিৰাপত্তাৰক্ষী বাহিনীৰ বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত দুবছৰীয়া মাইকী স্নিফাৰ ড'গ ৰ’লোই। ২৭ এপ্ৰিলত তালাচী চলাই থকাৰ সময়তে এজাক মৌমাখিৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয় ৰ'লোৰ।

উল্লেখযোগ্য যে, অস্ত্ৰ-শস্ত্ৰ তথা সামগ্ৰী উদ্ধাৰ কৰাত অভিযানকাৰী দলক সহযোগিতা কৰা লগতে আই ডিৰ দৰে বিস্ফোৰক শুঙি উলিওৱাৰ দায়িত্বত আছিল ৰ'লো। ৰ'লোৰ সেৱা আৰু ত্যাগৰ বাবে চি আৰ পি এফৰ সঞ্চালক প্ৰধানে ৰ'লোক মৰণোত্তৰ প্ৰশংসা পদক প্ৰদান কৰিছে।

ইফালে এই অভিযানত এনে মাওবাদীকো হত্যা কৰা হৈছিল, যাৰ সন্ধানৰ বাবদ আৰক্ষীয়ে ১ কোটি ৭২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ৷ নিৰাপত্তা বাহিনীয়ে নক্সালবাদীৰ মুঠ ২১৪ টা বাংকাৰ ধ্বংস কৰিছিল। লগতে ধ্বংস হৈছে মাওবাদীৰ প্ৰায় ৪ টা কাৰিকৰী ইউনিট, য’ত আছে ৪ টা লেথ মেচিন আৰু নক্সালসকলৰ বি জি এল লঞ্চাৰ আৰু বি জি এল চেল।

ছত্তীশগড় মাওবাদী