/asomiyapratidin/media/media_files/2025/05/02/nAsVicfVXtylZOc2v52F.jpg)
ডিজিটেল ডেস্কঃ চীন,তুৰস্কৰ পাছত এইবাৰ পাকিস্তানক সমৰ্থন জনাইছে বাংলাদেশে। ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সকলোকে আচৰিত কৰি বাংলাদেশ চৰকাৰে উত্তৰ-পূবক লক্ষ্য কৰি লৈছে।
মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশ চৰকাৰৰ অতি ঘনিষ্ঠ এগৰাকী অৱসৰপ্ৰাপ্ত বাংলাদেশী সেনা বিষয়াই ভাৰতৰ ভূখণ্ড দখল কৰাৰ পৰিকল্পনা কৰিছে। উত্তৰ-পূব ভাৰতৰ প্ৰসংগ টানি আনি প্ৰাক্তন সেনা বিষয়া গৰাকীয়ে কয় যে, যদি ভাৰতে পাকিস্তানক আক্ৰমণ কৰে, তেন্তে উত্তৰ-পূব ভাৰতৰ ৭খন ৰাজ্য বাংলাদেশে দখল কৰিব লাগে। এই ক্ষেত্ৰত চীনৰ সৈতে যৌথ সামৰিক ব্যৱস্থাৰ আলোচনা আৰম্ভ কৰাটো প্ৰয়োজনীয় বুলি মই ভাবো।
অৱসৰপ্ৰাপ্ত বাংলাদেশী মেজৰগৰাকীয়ে বাংলা ভাষাত এইদৰে ফেচবুকত পোষ্ট কৰিছে। উল্লেখ্য যে, ফজলুৰ ৰহমানক মহম্মদ ইউনুছৰ নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন চৰকাৰৰ অতি ঘনিষ্ঠ বুলি জানিব পৰা গৈছে।
ইফালে ফজলুৰ ৰহমানৰ এই মন্তব্য সম্পূৰ্ণ ব্যক্তিগত। ৰহমানৰ মতামতে বাংলাদেশ চৰকাৰৰ স্থিতি প্ৰতিফলিত নকৰে বুলি স্পষ্ট কৰিছে বাংলাদেশৰ মুখ্য উপদেষ্টা কাৰ্যালয়ৰ প্ৰেছ সচিব ছফিকুল আলমে।
আনহাতে এই তথ্য প্ৰচাৰ হোৱা পাছতে চিন্তিত হৈ পৰিছে ভাৰত। মেঘালয়ৰ ভাৰত-বাংলাদেশ সীমান্ত আৰু অৰুণাচল প্ৰদেশ আৰু চীন সীমান্তত সেনা-প্ৰশাসনে সকলো প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। বিগত কিছু বছৰৰ পৰা অৰুণাচল সীমান্তত চীনৰ বিতৰ্কিত কাম-কাজ যথেষ্ট বৃদ্ধি পাইছে। তাৰ মাজতে ফজলুৰ ৰহমানৰ এনেধৰণৰ মন্তব্যই চিন্তিত কৰিছে ভাৰত চৰকাৰক।
লক্ষ্যণীয় যে,যোৱা বছৰ অন্তৱৰ্তীকালীন চৰকাৰে ৰহমানক ২০০৯ চনত তেতিয়াৰ বাংলাদেশ ৰাইফলছৰ পিলখানা মুখ্য কাৰ্যালয়ত সংঘটিত বিদ্ৰোহ আৰু হত্যাকাণ্ডৰ পুনৰ তদন্তৰ বাবে সাতজনীয়া স্বতন্ত্ৰ আয়োগৰ মুৰব্বী হিচাপে নিযুক্তি দিছিল।