/asomiyapratidin/media/media_files/2025/04/27/NWCfyZkr7FGUV2arABOP.jpg)
ডিজিটেল ডেস্কঃ মুকেশ আম্বানীয়ে এৰিব লাগিব এন্টেলিয়া। দেশৰ ভিতৰতে বিলাসী আৰু দামী ঘৰ হিচাপে জনাজাত মুকেশ আম্বানীৰ ঘৰ এন্টেলিয়া। ২৭মহলীয়া এই অট্টালিকাটো হৈছে মুকেশ আম্বানীৰ সপোনৰ ঘৰ। কিন্তু শেহতীয়াকৈ এই ঘৰটো যি আইনী মেৰপেচত সোমাই পৰিছে, তাৰ পৰা ওলাই অহাতো খুবেই কঠিন হব।
উল্লেখ কৰা প্ৰয়োজন যে গুজৰাট মুকেশ আম্বানীৰ মুম্বাইত থকা এন্টিলিয়া নামৰ বহু চৰ্চিত প্ৰসাদটো ৱক্ফ বৰ্ডৰ অনাথ আশ্ৰমৰ বাবে সংৰক্ষিত মাটিত আছে। সম্পূৰ্ণ নীতি বৰ্হিভূত ভাৱে ২০০২ চনত মুকেশ আম্বানীয়ে এই মাটি ৫০লাখ টকাত ক্ৰয় কৰিছিল বুলি অভিযোগ উত্থাপিত হৈ আহিছে।
ৱক্ফ বৰ্ডৰ এক্সন টেকিং ৰিপৰ্ট অনুযায়ী উল্লিখিত মাটি ক্ৰয় কৰিবৰ বাবে আম্বানীয়ে অবৈধ পন্থা লৈছিল। বৰ্ডৰ মতে ব্ক্ফ বৰ্ডৰ মাটি কাৰোবাক বিক্ৰী কৰিবৰ বাবে বৰ্ডৰ দুই তৃতীয়াংশ সদস্যৰ অনুমোদনৰ প্ৰয়োজন। কিন্তু অনাথ আশ্ৰম নিৰ্মাণৰ বাবে বৰ্ডে যি গৰাকী ব্যক্তিক মাটি খিনি দিছিল, সেই গৰাকী মাটি খিনি আম্বানীক বিক্ৰী কৰিবৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ ৰাজহ বিভাগৰ অনুমোদন বিচৰাৰ সময়ত ৰাজ্য চৰকাৰে ৱক্ফ বৰ্ডৰ লগত কোনো আলোচনা নকৰাকৈ মাটি খিনি আম্বানীক বিক্ৰী কৰাৰ অনুমোদন দিয়ে।
অথচ ৱক্ফ বৰ্ডৰ নীতি-নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ আছে যে বৰ্ডৰ মাটি কোনো ব্যক্তি বিশেষক বিক্ৰী কৰিব নোৱাৰিব, ৰাজহুৱা কৰ্মৰ বাবেহে মাটি বিক্ৰী কৰিব বা দিব পাৰিব। উল্লেখযোগ্য যে ১৯৮৬ চনত কৰিব ভাই ইব্ৰাহিম নামৰ এগৰাকী ব্যক্তিক অনাথ আশ্ৰম নিৰ্মাণ কৰাৰ চৰ্তত সংশ্লিষ্ট মাটি খিনি ৱক্ফ বৰ্ডে প্ৰদান কৰিছিল।
কিন্তু ২০০২ চনত ইব্ৰাহিমে ৪৫৩২.৩৯ বৰ্গ মিটাৰ মাটি আম্বানীক বিক্ৰী কৰে। এই বাতৰি পোহৰলৈ অহাৰ পিছত ৱক্ফ বৰ্ডৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক বিষয়টো দৃষ্টি গোচৰ কৰি মাটি খিনি ঘূৰাই বিচাৰে। কিন্তু ৰাজ্য চৰকাৰে বিষয়টোত গুৰুত্ব নিদিয়াত বৰ্ড আদালতৰ কাষ চাপে। বৰ্তমান বিষয়টো আদালতৰ বিচাৰাধীন।
শেহতীয়াকৈ এই বিষয়টো পুনৰ চৰ্চালৈ আনিছে এগৰাকী সাংসদে। আছাৱুদ্দিনে ওৱেছীয়ে এই প্ৰসংগটো পুনৰ চৰ্চালৈ আনি আম্বানী নিয়ম বৰ্হিভূতভাৱে এই মাটি দখল কৰা বুলি অভিযোগ উত্থাপিত কৰিছে। আদালতে এই বিষয়ত কঠোৰ প্ৰদক্ষেপ লোৱা পোষকতা গৰাকীয়ে সাংসদগৰাকীয়ে।